NORTHEAST NOW (Assamese)
অসম

কৰ্কট ৰোগৰ সৈতে যুঁজাৰ বাবে সঞ্জয় দত্তক অনুপ্ৰেৰণা যুৱৰাজ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 1:35 pm

কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিবলগীয়া বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তক মানসিকভাৱে শক্তিশালী হোৱাৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰিছে ক্ৰিকেটাৰ যুৱৰাজ সিঙে।

”তুমি সদায় এগৰাকী যোদ্ধা। মই কৰ্কট ৰোগে দিয়া যন্ত্ৰনাৰ বিষয়ে জ্ঞাত কিন্তু মই এইটো জানো যে এই কঠিন সময় অতিক্ৰম কৰিব পৰাকৈ তুমি শক্তিশালী। দ্ৰুত আৰোগ্যৰ বাবে মোৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা,” যুৱৰাজ সিঙে টুইটাৰত লিখে।

হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাছত বলিউদৰ ৬১ বছৰীয়া অভিনেতা গৰাকীয়ে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ চিকিৎসাৰ বাবে উৰা মাৰিব।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলে ২০১১ চনৰ বিশ্বকাপ জয়ী কৰাৰ পাছত বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য যুৱৰাজ সিঙৰ শৰীৰত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰিছিল।

যুৱৰাজ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰত দীঘলীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ পুনৰ ক্ৰিকেটৰ পথাৰলৈও উভতি আহিছিল।