NORTHEAST NOW (Assamese)
অসম

বিভিন্ন প্ৰতিশ্ৰুতিৰে আজি ডিমা হাচাও বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব January 13, 2019 7:06 pm
Dima Hasao BJP Manifesto

১৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলীয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাচাও বিজেপিয়ে।

ডিমা হাচাও বিজেপি জিলা কাৰ্যালয়ৰ অটল বিহাৰী বাজপেয়ী ভবনত জিলা বিজেপি উপ সভানেত্ৰী বনানী কেম্প্ৰাই,  উপ-সভাপতি বিশ্বজিত চক্ৰবৰ্ত্তী, উপ-সভাপতি অনুপ লাঙঠাচা সাধাৰণ সম্পাদক দনপাইনন থাউচেন, পাৰ্বত্য পৰিষদৰ উপাধ্যক্ষ হিমবাহাদুৰ ছেত্ৰীৰ লগতে অন্যান্য নেতাৰ উপস্থিতিত দলীয় ইস্তাহাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে।

যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, খোৱা পানী, কৌশলগত শিক্ষা, পৰ্যটন, কৃষি আদি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা ইস্তাহাৰত উল্লেখ কৰে। কৌশলগত শিক্ষাৰ কাৰণে পশুপালন আৰু কৃষিৰ কাৰণে য়ুনিভাৰ্চিটি কেম্পাচ স্থাপনত ব্যৱস্থা লোৱাৰ কথাও  উল্লেখ কৰা হয় ইস্তাহাৰত।

কিন্তু লক্ষ্যণীয়ভাৱে সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠন বা মেমোৰেণ্ডাম অৱ ছেটেলমেন্টৰ কথা ইস্তাহাৰত উল্লেখ কৰা হোৱা নাই।

ইস্তাহাৰ মুকলি কৰি ডিমা হাচাও জিলা বিজেপি নেতৃত্বই কয় যে বিজেপি দল পাৰ্বত্য জিলাৰ সামিগ্ৰক উন্নয়নৰ হকে বৰ্তমানৰ পৰিষদেও যোৱা আঢ়ৈটা  বছৰৰ কাৰ্যকালত বহু কাম কৰিছে। কাৰণ বিজেপি দল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘চবকা সাথ, চবকা বিকাশ’ৰ ওপৰত বিশ্বাসী আৰু এই লক্ষ্য আগত ৰাখিয়ে দলে ক্ষমতাত অহাৰ পাছত কাম কৰি যাব।

বিজেপিৰ ইস্তাহাৰত সুশাসনৰ কথা প্ৰথমতেই উল্লেখ কৰি কোৱা হয় যে স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা জিলাৰ প্ৰতিটো চৰকাৰী বিভাগত থকা দুৰ্নীতি সমূলে উৎখাত কৰা হ’ব। ইয়াৰ উপৰি খোৱা পানীৰ সমস্যা সমাধানৰ হকেও পৰিষদে কাম কৰিব বুলি উল্লেখ কৰে।

উল্লেখ্য যে বিজেপিয়ে প্ৰকাশ কৰা চাৰি পৃষ্ঠাৰ ইস্তাহাৰত পাৰ্বত্য পৰিষদৰ ৰাজহ বৃদ্ধি, কৰ্ম সংস্থাপন বা নতুন আঁচনি তথা উদ্যোগীকৰণৰ কোনো কথা উল্লেখ নাই।