NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মেঘালয়, মণিপুৰ, ত্ৰিপুৰাতো অসমৰ দৰে পৰিস্থিতি

Posted by: এন ই নাও নিউজ January 15, 2019 6:52 pm
Manipur protest against CAB

বিজেপি শাসিত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰাৰ দৰে মণিপুৰতো একেই আলোড়ন দেখা গৈছে। উত্তৰ-পূবৰ বিজেপি শাসিত আন এখন ৰাজ্য ত্ৰিপুৰাতো খিলঞ্জীয়া জনগণে গুলী পৰ্য্যন্ত খাইছে বিধেয়কখনৰ বিৰোধিতাত আন্দোলন কৰি।

একেদৰে মেঘালয়ত খোদ মুখ্য মন্ত্ৰীয়েই ক্ষুভিত হৈ আছে আৰু বিধেয়কখনৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে বিধায়কৰ এটা প্ৰতিনিধি দল লৈ অতি শীঘ্ৰেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব বুলি জানিবলৈ দিছে।

ইপিনে বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰতিবাদ উলিওৱাৰ সময়ত আজি মণিপুৰৰ ৰাজধানী ইম্ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিধেয়কখনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীয়ে আজি বেৰিকেড ভাঙি মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা কৰা বুলি বাতৰি পোৱা গৈছে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি হয় আৰু একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে।

নাগালেণ্ডৰ এন পি এফ-বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰক অনুৰোধ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে উত্তৰ-পূবত বিধেয়কখনৰ বিৰোধিতা বেছিকৈ হৈছে অবৈধ বাংলাদেশীৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত অসম আৰু ত্ৰিপুৰাত। আনকেইখন ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ডো অবৈধ বাংলাদেশীৰ দ্বাৰা আক্ৰান্ত যদিও অসম আৰু ত্ৰিপুৰাৰ সমান নহয়। কিন্তু তৎসত্ত্বেও এইকেইখন ৰাজ্যৰ মুখ্য মন্ত্ৰীকেইজনে বিধেয়কখনৰ বিৰোধিতা কৰিছে। তাৰ বিপৰীতে সৰ্বাধিক আক্ৰান্ত ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে লৈছে বিধেয়কখনৰ পক্ষ।