NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্বক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ, “আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে হিমন্তই”

Posted by: দুৰ্লভ গগৈ Updated by: দুৰ্লভ গগৈ January 16, 2019 8:24 pm
Himanta Gaurav

‘মুখ্য মন্ত্ৰী হোৱাৰ স্বপ্নতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে’ বুলি ৰাজহুৱাভাৱে কৈ আজি সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্বলৈ এক প্ৰকাৰৰ নতুন প্ৰত্যাহ্বান এৰি দিয়ে। অসমৰ ৰাজনীতিত পূৰ্বে দুয়োজনৰ মাজত বাকযুদ্ধ দেখিবলৈ পোৱা নাই যদিও আজিৰ গৌৰৱ গগৈৰ আক্ৰমণে সেই বাট মুকলি কৰিব পাৰে।

“মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিয়ে ৰাজ্যখনক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্বই।” বোকাখাতৰ এখন সভাত গৌৰৱ গগৈয়ে কয়। সাংসদ গগৈ আজি মিচি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বোকাখাতলৈ গৈছিল।

উল্লেখযোগ্য যে চতুৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছতে থাকি চৰম বিসম্বাদ কৰি থকাৰ সময়তো আৰু তাৰ পিছত বিজেপিলৈ গৈ কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰাৰ সময়তো শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱাকৈ এষাৰো মাত নমতা গৌৰৱ গগৈক আজি ব্যতিক্ৰমভাৱে আক্ৰমণাত্মক ৰূপত দেখা গ’ল। দেউতাক তৰুণ গগৈৰ এসময়ৰ বিশ্বস্ত সংগী হিমন্ত বিশ্বক বোধহয় এয়া যুৱ সাংসদজনৰ প্ৰথমটো পোনপটীয়া আক্ৰমণৰ উদাহৰণ।

আনহাতে মন কৰিব লগীয়া কথাটো হ’ল মন্ত্ৰী হিমন্তয়ো গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সাধাৰণতে দেখা নাযায়। ৰাজ্যৰ আনবোৰ ৰাজনীতিকক চতুৰ মন্ত্ৰীজনে যিদৰে অশোভনীয় কটাক্ষ কৰে, গৌৰৱ গগৈক সেয়া কৰা দেখা নাযায়। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত The Telegraph –অত দিয়া এটা সাক্ষাৎকাৰত হিমন্ত বিশ্বই কৈছিল, সমস্যাটো গৌৰৱ গগৈক লৈ নহয়, তৰুণ গগৈক লৈহে (The issue is not Gaurav, the issue is Tarun Gogoi.)।

আনহাতে যোৱা তিনিটা বছৰত মন্ত্ৰী হিমন্তৰ সাংঘাতিক ধৰণৰ ৰূপান্তৰ হোৱা দেখা পাইছে অসমৰ ৰাইজে। মধ্যমপন্থী কংগ্ৰেছ দলৰ এজন নেতা হিচাপে থকা হিমন্তৰ ধৰ্ম নিৰপেক্ষ ৰূপৰ আমূল পৰিৱৰ্তন হৈ গোড়া হিন্দুত্ববাদীৰ অৱতাৰ ঘটিছে। দল পৰিৱৰ্তনৰ লগে লগে তেওঁৰ পূৰ্বৰ ৰাজনৈতিক মিত্ৰবোৰৰ একাংশ হৈ পৰিছে এক প্ৰকাৰৰ চিৰবৈৰী প্ৰতিদ্বন্দী আৰু নৈমিত্তিক কটাক্ষৰ লক্ষ্য। বিপৰীতে তেওঁক পূৰ্বে নিৰ্মম সমালোচনাৰ (‘গুজৰাটৰ পাইপেৰে মুচলমানৰ তেজ বয়’ বুলি কোৱা কথাটোলৈ মনত পেলাব পাৰি।) লক্ষ্য কৰাসকলৰ বন্দনা কৰাহে দেখিবলৈ পোৱা যায়। তাৰ মাজতো তাৎপৰ্য্যপূৰ্ণভাৱে গৌৰৱ গগৈক সমালোচনাৰ পৰা দূৰত ৰোৱা দেখা গৈছিল হিমন্ত বিশ্বক।

কিন্তু গৌৰৱ গগৈৰ আজিৰ সমালোচনাৰ পিছত প্ৰত্যুত্তৰ দিবলৈ অচিৰেই টঙালি বান্ধিব পাৰে বাকপটু মন্ত্ৰী হিমন্তই। এই ক্ষেত্ৰত দুয়োজনৰ বাকযুদ্ধ চাব লগীয়া হ’ব পাৰে।