NORTHEAST NOW (Assamese)
অসম

‘বিজেপি জাতিধ্বংসী’

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 18, 2019 10:39 pm
bokakhat

বিজেপি অসমীয়া জাতিধ্বংসী দল, নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া বোকাখাতত জোঁৰ সমদলত মন্তব্য অগপ সভাপতি অতুল বৰাৰ।

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে অগপক পুনৰ চৰকাৰলৈ আমন্ত্ৰণ কৰাতো হাস্যকৰ বুলি মন্তব্য কৰি সদ্য মিত্ৰতা ত্যাগী বৰাই কয় কোনো কাৰণতেই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা নহয়।

আনহাতে ৰাজ্যপালৰ হাতত অগপ মন্ত্ৰীকেইজনৰ পদত্যাগ পত্ৰ এতিয়াও নপৰাক লৈ মুখ্য মন্ত্ৰী সোণোৱাললৈ বল ঠেলে অগপ সভাপতিজনে।

“আমি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি পত্ৰ দাখিল কৰিছো৷ এতিয়া পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীয়েহে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব। তাত আমাৰ কৰণীয় নাই,” অতুল বৰাৰ মন্তব্য।

বৰাৰ গৃহ সমষ্টিত শুকুৰবাৰৰ প্ৰতিবাদটোত অগপ কৰ্মীৰ লগতে বহু সহস্ৰ ৰাইজে অংশগ্ৰহণ কৰে।