NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2025 3:06 pm

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত হাজাৰ হাজাৰ টকাৰ চান্দা আৰু অনুদান! ইয়াৰ বাবেও নিৰ্বাচন আয়োগে তদন্ত কৰিব নে শপতনামা বিচাৰিব? বুধবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত এই প্ৰশ্ন উত্থাপন কৰে।

বাতৰি কাকতৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে লিখিছে, ‘গুজৰাটৰ প্ৰায় ১০টা বেনামী ৰাজনৈতিক দলে প্ৰায় ৪৩০০ কোটি টকাৰ অনুদান লাভ কৰিছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, এই দলসমূহৰ অধিকাংশই নিৰ্বাচনত অংশ লোৱা নাছিল বা ধন খৰচ কৰা নাছিল।”

তেনেহ’লে এই ১০টা বেনামী দলৰ বাবে এই অভাৱনীয় পৰিমাণৰ ধন ক’ৰ পৰা আহিল? যি ৰাজনৈতিক দলবোৰ নাম কোনেও কেতিয়াও শুনা নাই, সেইবোৰ কোনে চলাই আছে, আৰু এই সকলোবোৰ টকা ক’লৈ গ’ল?” বুলি প্ৰশ্ন কৰে ৰাহুলে। পোষ্টটোত #VoteChori টেগ ব্যৱহাৰ কৰি নিৰ্বাচন আয়োগক কটাক্ষ কৰি  ৰাহুল গান্ধীয়ে লিখিছে, ‘এই বিষয়ে আয়োগে তদন্ত কৰিব নে ইয়াতো শপতনামা বিচাৰিব? নে তথ্যই লুকুৱাই দিব আইন সলাই দিব?”

আনহাতে, বুধবাৰে এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত আৰজেডি নেতা তেজস্বী যাদৱে এনডিএক সমালোচনা কৰে। তেওঁ কয়, “এন ডি এ মানে নেহি ডেংগে অধিকাৰ (মই অধিকাৰ নিদিওঁ)। নিৰ্বাচনত বিজেপি-এন ডি এ-য়ে যিদৰে ভোট চুৰিৰ ইতিহাস গঢ়িছে, সেইবোৰ দেখি ৰাইজে আমাৰ কাষত থিয় দিছে। মানুহে বুজি পাইছে যে তেওঁলোকে নিজৰ ভোট ৰক্ষা কৰিছে।”

আগন্তুক নিৰ্বাচনত বিজেপি-এনডিএৰ পৰাজয় নিশ্চিত বুলিও স্পষ্ট কৰি দিয়ে তেজস্বীয়ে। প্ৰসংগক্ৰমে বুধবাৰে দাৰভাঙাৰ গংগা মহাবীৰ স্থানৰ পৰা মিৰ্জাপুৰ হৈ সীতামাৰীত উপস্থিত হ’ব ভোটাৰ অধিকাৰ পদযাত্ৰা। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও এই পদযাত্ৰাত যোগদান কৰিব।