NORTHEAST NOW (Assamese)
অসম

চামগুৰি আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ গ্ৰেপ্তাৰ এজন ব্যৱসায়ী

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 6, 2019 10:35 am
VideoCapture_20190906-082110

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত দুষ্ট চক্ৰই চলাই অহা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে বৃহস্পতিবাৰে চামগুৰি আৰক্ষীয়ে ব্যাপক অভিযান চলায়।

চামগুৰিৰ দৈনিক বজাৰৰ সমীপৰে এঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই বহু পৰিমাণৰ সুৰা, নিচাযুক্ত টেবলেটৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে নিচাযুক্ত দ্ৰব্য ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গৃহস্থ হজৰৎ বিল্লাল নামৰ যুৱক জনক কৰায়ত্ব কৰে।

উল্লেখ্য যে, ধৃত হজৰৎ বিল্লালে নিজৰ ঘৰৰ ভিতৰত বস্তাত ভৰাই গাঁত খান্দি পুতি থৈছিল নিচাযুক্ত দ্ৰব্যখিনি। আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে গাঁতত পুতি ৰখা অৱস্থাৰ পৰাই উদ্ধাৰে কৰে সামগ্ৰীখিনি।

ইফালে দীৰ্ঘদিন ধৰি ধৃত হজৰৎ বিল্লাল সহ এটা চক্ৰই বৃহত্তৰ চামগুৰি অঞ্চলত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই অহাৰ বাবে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হোৱাৰ  লগতে নৱপ্ৰজন্মৰ যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীক ধ্বংসৰ পথলৈ ঠেলি নিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছিল চামগুৰিৰ সচেতন মহলে।