NORTHEAST NOW (Assamese)
অসম

তিহাৰ জেইলত প্ৰথমটো নিশা কেনেদেৰে কটালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 11:10 am
cbi_1567502802_1567659358_1567740619_618x347

দিল্লীৰ তিহাৰ জেইলৰ জেইল নম্বৰ ৭, ৱাৰ্ড নম্বৰ ২ আৰু চেল নম্বৰ ১৫’ত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে অহা ১৯ ছেপ্টেম্বৰলৈকে কটাব লাগিব।

প্ৰথমবাৰৰ অৰ্থনৈতিক অপৰাধত অভিযুক্ত আৰু যৌতুকৰ অভিযোগত গ্ৰেপ্তাৰ কৰাসকলক জেইল নম্বৰ ৭’ত ৰখা হয়।

তিহাৰ জেইলৰ সূত্ৰ মতে, এইখনত চৌহদত থকা আন জেইলৰ তুলনাত ভিৰ কম।

সূত্ৰসমূহে জনায় যে চিদাম্বৰমক ছয়খন ব্ল্যাংকেট এখন ফেন আৰু ৱেষ্টাৰ্ণ টয়লেটৰ সুবিধা আগবঢ়োৱা হৈছে।

জানিব পৰা মতে, তেওঁৰ চুবুৰীয়া হিচাপে পৰৱৰ্তী দুসপ্তাহৰ বাবে থাকিব জম্মু আৰু কাশ্মীৰ লিবাৰেশ্যন ফ্ৰন্টৰ (জে কে এল এফ) অধ্যক্ষ য়াছিন মালিক।

তিহাৰ জেইলত চিদাম্বৰমৰ প্ৰথম নিশাটো সাধাৰণ কয়েদীৰ দৰে অতিবাহিত হয়। আদালতৰ নিৰ্দেশত কেইটামান সুবিধা তেওঁ লাভ কৰিছে যদিও বেছিভাগ সুবিধা তেওঁ সাধাৰণ কয়েদীৰ দৰেই লাভ কৰিছে।

তিহাৰ জেইলত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকী কেনেদৰে আছেঃ

-প্ৰাক্তন কেন্দ্ৰীয়  বিত্ত মন্ত্ৰীগৰাকীক জেইল নম্বৰ ৭’ত ৰখা হৈছে। পি চিদাম্বৰমে বেলেগ চেল লাভ কৰিছে।

-ৰাউজ এভিন্যুউ আদালতৰ আদেশ মৰ্মে পি চিদাম্বৰমক ৱেষ্টাৰ্ণ টয়লেটৰ সুবিধা দিয়া হৈছে।

– চশমা আৰু ঔষধ লগত ৰখাৰ অনুমতি আদালতৰ পৰা লাভ কৰিছে।

-প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকী ২৪ ঘন্টাই সুৰক্ষা ব্যৱস্থাৰ মাজত থাকিব। চেলৰ আশে-পাশে সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। তদুপৰি, চিচিটিভিৰে সকলো নজৰ ৰখা হৈছে।

–  জেইলৰ নিয়ম অনুসৰি এখন বিচনা, কম্বল লাভ কৰিছে।

– সাধাৰণ কয়েদীৰ দৰে পি চিদাম্বৰমেও কৰিডৰ, চেলৰ কাষৰ খালী ঠাইত পায়চাৰি কৰিব পাৰিব।

– তদুপৰি, জেইলৰ নিয়ম অনুসৰি তেওঁ বাতৰিকাকত, টিভি চোৱাৰ সুবিধা লাভ কৰিব।

– খাদ্য হিচাপে ৰাতিপুৱা ৭ বজাত চাহৰ লগত চিৰা, দালিয়া, ব্ৰেড দিয়া হৈছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয় বৃহস্পতিবাৰে ই ডিৰ গোচৰত অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ হৈছিল। ইয়াৰ ফলত ইডিয়ে এতিয়া প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক সোধপোছৰ বাবে জিম্মাত ল’ব পাৰিব।

আনহাতে, যোৱা ২১ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা চিবিআইৰ জিম্মাত থকা পি চিদাম্বৰমৰ জিম্মা বৃদ্ধি কৰিবলৈ এজেন্সিটোৱে অস্বীকাৰ কৰিছিল।