NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি; জুবিনৰ ‘কাঞ্চনজংঘা’ত ব্যাঘাত জন্মোৱাৰ চেষ্টা বজৰংগ দলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2019 11:21 am
Untitled-1

আজি ছবিঘৰত মুক্তি পালে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি কাঞ্চনজংঘা। কিন্তু মুক্তিৰ দিনটোতে ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিগৃহত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ।

ছবিখন চলি থকাৰ সময়তে আজি বজৰংগ দলে আহ্বান জনোৱা অসম বন্ধক সৰ্বাত্মক কৰাৰ চেষ্টাৰে বন্ধৰ সমৰ্থক সকলে ছবিগৃহ ঘেৰাও কৰে। বন্ধৰ সমৰ্থক সকলে কাঞ্চনজংঘাৰ প্ৰথম দৰ্শনী বন্ধ কৰাৰ আপ্ৰাণ চেষ্টা চলায়।

এই ঘটনাৰ পিছতেই বন্ধ সমৰ্থনকাৰী আৰু জুবিন অনুৰাগীৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলত উপস্থিত থকা আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে।

ঘটনাস্থলৰ পৰা প্ৰতিবাদকাৰী সকলক খেদি পঠিওৱাৰ পাছত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

ইফালে জানিব পৰা অনুসৰি আজি মুক্তি লাভ কৰা কাঞ্চনজংঘাই প্ৰথম দৰ্শনীত ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিছে।

উল্লেখ্য যে বৰ্তমানৰ এন আৰ চি বাতিল আৰু ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ নতুনকৈ এই পঞ্জী তৈয়াৰ কৰাৰ দাবীত আজি বজৰংগ দলে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।