NORTHEAST NOW (Assamese)
Popular Stories

সন্ত্ৰাসবাদীৰ গুলীত জম্মু-কাশ্মীৰৰ যুৱ বিজেপি নেতাৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 12:47 pm

জম্মু-কাশ্মীৰৰ বান্দীপোৰা জিলাত বুধবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় বিজেপি নেতা ৱাছীম বাৰী। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণটোত ৱাছীমৰ পিতৃ আৰু ভাতৃৰো মৃত্যু হয়।

এই নৃশংস হত্যাকাণ্ডৰ  পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে।

জানিব পৰা মতে বিজেপি নেতা ৱাছীম বাৰী, পিতৃ আৰু তেওঁৰ ভাতৃয়ে নিজৰ দোকানত ব্যস্ত আছিল। সেই সময়তে অচিনাক্ত বন্দুকধাৰী এটা দল আহি তিনিওজনকে গুলীয়াই।

গুলীচালনাত তিনিওজনৰে মৃত্যু হয়।

উল্লেখ্য যে, বিজেপি নেতাগৰাকীৰ সুৰক্ষাৰ বাবে আঠজন সুৰক্ষাকৰ্মী নিয়োজিত কৰা হৈছিল যদিও ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলত এজনো উপস্থিত নাছিল।

এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয়, ‍‘ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, বিজেপি নেতাগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে’।

ইফালে এই হত্যাকাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই টুইট কৰি কয়, ‍‘তেওঁলোকৰ মৃত্যু দলৰ বাবে বৃহৎ ক্ষতি। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বলিদান অথলে যাব নিদিও।

বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱেও এই ঘটনাক তীব্ৰ গৰিহনা জনাইছে।