NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ January 19, 2019 2:42 pm
50108014_10156307084043983_2929478595669655552_n

নলবাৰীৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণস্থলী শনিবাৰে ৰাতিপুৱা পৰিদৰ্শন কৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত তেওঁৰ সৈতে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা।

প্ৰায় ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা অহা ২৭ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্থাপন কৰিব।

উল্লেখযোগ্য যে যোৱা ১৯ ডিচেম্বৰত গুৱাহাটীত এখন সংবাদমেলত স্বাহ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী তিনি বছৰত ৰাজ্যত ৫০০খন বিছনাযুক্ত ৩ খন নতুন চিকিৎসা মহাবিদ্যলয় স্থাপনৰ কথা ঘোষণা কৰিছিল।

উক্ত সংবাদমেলতে তেওঁ লগতে চলিত নৱবৰ্ষৰ ৬, ৭ আৰু ৯ জানুৱাৰিত ক্ৰমে কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়াত মুখ্য মন্ত্ৰী সোণোৱালে চিকিৎসা মহাবিদ্যলয় কেইখনৰ আধাৰশিলা স্থাপন কৰিব বুলিও জানিবলৈ দিছিল।

মন্ত্ৰী শৰ্মাই জানিব দিয়া মতে, প্ৰায় ৩৮২.৭০ কোটি টকা ব্যয়েৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বিপৰীতে নলবাৰী আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় কেইখনত প্ৰায় ৩৯৮.৩১ আৰু ৪০৪.৬৩ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে উক্ত ৩খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি বৰ্তমান ধুবুৰী, লখিমপুৰ, নগাঁও আৰু ডিফুত আন ৪খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কামো চলি আছে।