NORTHEAST NOW (Assamese)
অসম

জনশতাব্দী এক্সপ্ৰেছত জুই; কথমপি প্ৰাণ ৰক্ষা ৰে’লযাত্ৰীৰ

Posted by: এন ই নাও নিউজ January 19, 2019 6:15 pm

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নামনিমুৱা এখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰীসকল। উল্লেখযোগ্য যে মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা জনশতাব্দী এক্সপ্ৰেছ নামৰ ৰে’লখনৰ ইঞ্জিনত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

মৰিয়নী ষ্টেশ্যনৰ পৰা ওলোৱাৰ পিছতে কাৰিকৰী বিজুতিৰ বাবে ৰে’লখনৰ ইঞ্জিনত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

পিছত কমাৰবন্ধা ষ্টেশ্যনত ৰে’লখন ৰখাই জুই নিৰ্বাপন কৰা হয় আৰু আন এটা ইঞ্জিনৰ সৈতে ৰে’লখন সংযোগ কৰি ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।