NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গড়ঁ আহত, বাগৰিত আটক ট্ৰাক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 9, 2022 8:51 pm
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গড়ঁ আহত, বাগৰিত আটক ট্ৰাক

পুনৰ কাজিৰঙাৰ বন্য জন্তু পতিত হ’ল দুৰ্ঘটনাত। আজি এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গুৰুৰ ভাবে আহত হয় এটা গড়ঁ।জানিব পৰা মতে কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত দ্রুত বেগত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথ পাৰ হ’বলৈ বিচৰা প্ৰকাণ্ড গড়ঁ এটাক খুন্দিয়াই থৈ যায়।

ফলত গড়ঁটো গুৰুতৰ ভাবে আহত হয়। গুৱাহাটী অভিমুখে পলায়ন কৰা ট্ৰাকখন অৱশেষত বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত জব্দ কৰা হয়।

দুৰ্ঘটনাৰ পাছতেই বনবিভাগে হাতীৰ সহায়ত আহত গড়ঁটোৰ সন্ধান অব্যাহত ৰাখিছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বনবিভাগে পাঁচ হাজাৰ মুঠ ৯ হাজাৰ টকাৰ জৰিমণা বিহিছে।

এই ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক ব্যথিত কৰি তুলিছে। কাজিৰঙাত পূৰ্বেও বহু বন্য জীৱ দুৰ্ঘটনাকৰ সন্মুখীন হৈছে।