NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতিৰ লীলাঃ ৰাজস্থানত দুটা দেহ একেলগে লগ লাগি থকা যমজ সন্তানৰ জন্ম

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 9, 2022 8:43 pm
প্ৰকৃতিৰ লীলাঃ ৰাজস্থানত দুটা দেহ একেলগে লগ লাগি থকা যমজ সন্তানৰ জন্ম

প্ৰকৃতিৰ লীলা বুজা টা। বিশ্বৰ বহু ঠাইত দুটা মূৰ একেলগে লগ লাগি থকা শিশুৰ জন্মৰ কথা প্ৰায় সকলোৱে জানে। আজি ৰাজস্থানৰ নাগাউৰৰ মেৰ্টাত চহৰত তেনে দুটি নৱ জাতকৰেই জন্ম হৈছে।

অৱশ্যে তেওঁলোকৰ মূৰ দুটা নহয়, বুকু দুখনহে লগলাগি আছে। লগলাগি থকা নৱজাতকক লৈ উদ্বিগ্ন হৈ পৰিছে চিকিৎসকসকল। জানিব পৰা মতে নৱজাতক দুটিৰ মাতৃয়ে যেতিয়া চিকিৎসালয়ত উপস্থিত হৈছিল, তেতিয়া তেওঁ জানিব পাৰিছিল যে তেওঁৰ পেটত দুটা ভ্ৰূণ আছে।

চিকিৎসকে এটা সফল অস্ত্ৰোপচাৰ কৰি তেওঁৰ প্ৰসৱ কৰোৱায় যদিও নৱজাতকৰ দেহ লগ লাগি থাকে। যোধপুৰ এইমছত নৱজাতক দুটিৰ অস্ত্ৰোপচাৰ কৰা হ’ব আৰু তেওঁলোকক পৃথক কৰা হ’ব বুলি জানিব পৰা গৈছে।