NORTHEAST NOW (Assamese)
অসম

Video|| কৰিমগঞ্জত দলে বলে দেশলৈ মুছ্লমান বাংলাদেশী

Posted by: ৰাহুল চক্ৰবৰ্তী January 19, 2019 7:07 pm
Bangladeshi national deported through Karimganj border in Assam

নৰেন্দ্ৰ মোদী চৰকাৰে বিদেশীক ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব দিব খোজাৰ সময়তে কৰিমগঞ্জত দল বান্ধি বিতাড়ন কৰা হৈছে মুছলমান বাংলাদেশীক।

জিলাখনৰ সুতাৰকান্দি সীমান্তইদি শনিবাৰে বাংলাদেশলৈ বিতাড়ন কৰা হৈছে ২১গৰাকী লোকক।

বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডৰ হাতত গতাই দিয়া দলটোত আছে ১৯জন  পুৰুষ আৰু দুগৰাকী মহিলা।

বৰাকৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰা বিতাড়িত বাংলাদেশীকেইজন অসমৰ সীমান্তৰ পৰিৱৰ্তে প্ৰৱেশ কৰিছিল চুবুৰীয়া মেঘালয়ৰ ডোনা, ডাউকি আৰু ত্ৰিপুৰা সীমান্ত হৈ।

বিতাড়িত লোককেইজনক গ্ৰহণ কৰাৰ বাবে সীমাৰ সিপাৰে তেওঁলোকৰ পৰিয়ালৰ লোকসকলো উপস্থিত আছিল।

শিলচৰৰ ডিটেনচন কেম্পত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ ম্যাদ ওকলাৰ পাছত নিয়ম অনুসৰি তেওঁলোকক বাংলাদেশক গতোৱা হৈছে।

বিতাড়িত লোককেইজন— নাছিৰ হুছেইন, খাইৰুল, জাহিদা বেগম, ছুফিয়া বেগম, মিহিৰ পেবেল মিঞা, চফিক ইছলাম, চাভিল ইছলাম, ৰমজান আলী, বাবলু আহমেদ, চুমন ফকীৰ, মৌচম আহমেদ, নাজিম উদ্দিন, আশ্ৰাফুল আলম চৌধুৰী, লিতন আলী, মঃ তফিক আলী, মঃ ৰাজু আহমেদ, দিলৱাৰ হুছেইন, চুকুৰ, চমিম আহমেদ আৰু ৰুবেল আহমেদ।

অসম চুক্তিৰ আধাৰত চিনাক্ত বিদেশীক ৰাজ্য চৰকাৰে নিজাববীয়াকৈ বিতাড়ন কৰিব পাৰে। কিন্তু নাগৰিকত্ব বিধেয়ক গৃ্হীত হ’লে সেই ক্ষেত্ৰত কিছু সালসলনি হ’ব।