NORTHEAST NOW (Assamese)
অসম

জাতীয় আৱেগ ধৰি ৰাখিব পৰা নাই বিজেপিৰ বিধায়ক যোগেন মহনে : প্ৰাণ খুলি ক’লে বিধেয়কৰ বিৰোধিতাৰ কথা

Posted by: এন ই নাও নিউজ January 20, 2019 11:13 am
Jugan Mohona

‘’আমি আন্দোলন কৰা মানুহ। জাতিৰ বিৰুদ্ধে আমাৰ দল-চৰকাৰ নাযায় বুলি আমি বিশ্বাস ৰাখিছোঁ। বিধেয়কখনে যদি অসমীয়াৰ বিপদ মাতি আনে তেন্তে বিধেয়কখন মানি নলওঁ,’’ –শনিবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় মাহমৰা সমষ্টিৰ বিজেপি বিধেয়ক যোগেন মহনে।

নাগৰিকত্ব সংশোধনী বিধেয়কখনত প্ৰকৃততে কি আছে সেই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰিও বিজেপিৰ বিধায়কজনে ৰাজ্যখনৰ অসমীয়া জনসাধাৰণৰ আৱেগক অনুধাৱন কৰি এইদৰে নিজৰ বক্তৱ্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি বিধেয়কখনৰ বিৰোধিতা নকৰিবলৈ বিজেপিৰ বিধায়কসকলক দলৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে যদিও বিজেপিৰ এজনৰ পাছত আন এজন বিধায়কে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ পৰা কথাটোৱে স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে।

বিধায়ক মহনে লগতে কয় যে বিজেপি বিধায়িনী দলৰ বৈঠক পুনৰ অনুষ্ঠিত হ’লে উক্ত বৈঠকত বিধেয়কখন সন্দৰ্ভত দলৰ বিধায়কে ক’বলগীয়া কথাখিনি স্পষ্টকৈ ক’ব। তদুপৰি, তেওঁ স্পষ্ট কৰি দিয়ে যে বিধেয়কখনে যদি কোনো আশংকা কঢ়িয়াই আনে তেন্তে সেয়া তেওঁ মানি নলয়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অতুল বৰা, দেৱানন্দ হাজৰিকা, পদ্ম হাজৰিকা, ঋতুপৰ্ণ বৰুৱাৰ পাছত যোগেন মহনে কৰা মন্তব্যই বিজেপিৰ বহু বিধায়কে বিধেয়কখনক লৈ সন্তুষ্ট নোহোৱাৰ কথাকে স্পষ্ট কৰি তুলিছে।

জানিব পৰা মতে, আগন্তুক বিধায়িনী দলৰ বৈঠকত দলৰ আৰু বহু বিধায়কে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে নিজৰ মতামত স্পষ্ট কৰাৰ সম্ভাৱনা আছে।