NORTHEAST NOW (Assamese)
Popular Stories

বিয়া খাবলৈ গৈ শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত এখন ভৰি হেৰুৱালে গুৱাহাটীৰ মহিলাই

Posted by: পাৰ্শ্বজ্যোতি গগৈ January 21, 2019 6:00 pm

শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত আজি সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত ট্ৰেইনৰ পৰা পৰি এগৰাকী মহিলাৰ এখন ভৰি শৰীৰৰ পৰা চিঙি পৰে। নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰা উক্ত দুৰ্ঘটনাটো সংঘটিত হয় আজি দিনৰ প্ৰায় ১২.৩০ বজাত।

দুৰ্ঘটনাত পতিত মহিলাগৰাকীক গুৱাহাটীৰ হৰি কৃষনজী ৰাঠীৰ পত্নী ভাগৱতী দেৱী ৰাঠী (৫৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, গুৱাহাটীৰ পৰা আত্মীয়ৰ সৈতে ভাগৱতী দেৱীয়ে শিৱসাগৰত বিয়া খাবলৈ আহিছিল।

ঘটনা অনুসৰি গুৱাহাটীৰ পৰা অহা ইন্টাৰচিটি ৰে’লত অহা মহিলাগৰাকীয়ে ট্ৰেইনখন শিৱসাগৰ ষ্টেশ্যনত ৰখাবলৈ লওঁতেই নামি দিয়াত দূৰ্ভাগ্যবশত মহিলাগৰাকীৰ এখন ভৰি ৰে’লৰ তলত সোমাই যায় আৰু দেহৰ পৰা চিঙি পৰে।

পিছত ষ্টেশ্যনত উপস্থিত থকা লোকসকলৰ লগতে ৰে’লৱে আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।