NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰসংঘত গাজাত যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰতৰ সঁহাৰি; বিৰোধিতা আমেৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2023 12:03 pm

বহুত হ’ল আৰু নহয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনাই এক খচৰা প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰ উপৰিও তাত আবদ্ধ হৈ থকা সকলো পণবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীও সেই প্ৰস্তাৱত উল্লেখ কৰা হৈছে। ভাৰতে সেই প্ৰস্তাৱৰ সপক্ষে ভোট দিলে।

মুঠ ১৫৩খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ২৩খন দেশে ভোটদানৰ পৰা বিৰত থাকে। বাকী ১০খন দেশে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।

লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে

উল্লেখ্য যে গাজাত ইজৰাইল-হামাছৰ যুদ্ধ প্ৰায় ২ মাহ ধৰি চলি আছে। এই পৰিস্থিতিত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতে প্ৰস্তাৱৰ খচৰাৰ সপক্ষে ভোটদান কৰাৰ সময়তে আমেৰিকাকে ধৰি ১০খন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে।

জানিব পৰা মতে, হামাছৰ নাম উল্লেখ নকৰাৰ বাবেই ৰাষ্ট্ৰসংঘৰ সন্মুখত দাখিল কৰা প্ৰস্তাৱৰ খচৰাৰ বিৰোধিতা কৰিছে আমেৰিকাই।

লগতে পঢ়কঃ ৰাজস্থানতো নতুন মুখ! প্ৰথমবাৰ বিধায়ক হৈয়েই মুখ্যমন্ত্ৰী; কোন এই ভজনলাল শৰ্মা?

যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইজৰাইলৰ কাষত থিয় দি থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে এই প্ৰস্তাৱৰ সংশোধনীৰ দাবী জনায়। ভাৰতেও এই প্ৰস্তাৱিত সংশোধনীৰ সপক্ষে ভোটদান কৰে।