NORTHEAST NOW (Assamese)
অসম

অস্ত্ৰসহ অসম-মেঘালয় সীমান্তত আটক মেঘালয়ৰ দুজন অপহৰণকাৰী

Posted by: নীলমনি শর্মা January 21, 2019 8:57 pm
Kidnapper Goalpara

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি কৃষ্ণাই আৰক্ষীয়ে এক অভিযান চলাই গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ পৰা দুজনকৈ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন অপহৰণকাৰী সদস্য দুজন মেঘালয়ৰ বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে। ইফালে মেঘালয়ত দুজনকৈ অপহৃত ব্যক্তিক হত্যা কৰি পুতি থোৱা বুলিও আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰে অপহৰণকাৰী দুজনে।

আৰক্ষীয়ে অপহৰণকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰ্তমান অভিযান অব্যাহত ৰখাৰ উপৰি তদন্তৰ খাতিৰত বহুতো তথ্য গোপনে ৰখা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিগত কেইবা মাহৰ পৰা মেঘালয়ৰ একাংশ অস্ত্ৰধাৰী যুৱকে সীমান্তৱৰ্তী অঞ্চলৰ পৰা মেঘালয়ত ব্যৱসায় কৰিবলৈ যোৱা ব্যৱসায়ীক অপহৰণ কৰি ধন দাবী কৰি আহিছিল। ইফালে দাবী কৰা ধন নাপালে অপহৰণকাৰী দলে অপহৃত লোকক হত্যা কৰি পাহাৰত পুতি থোৱাৰো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।