NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ বিজেপি-এন ডি পি পি চৰকাৰৰো নাগৰিকত্ব বিধেয়ক মানি নোলোৱাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ January 28, 2019 10:35 pm
Citizenship-Bill-1-750x375

নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় নাগালেণ্ড কেবিনেটে। অসমৰ জণসাধাৰণৰ গণতান্ত্ৰিক প্ৰদিবাদক বুঢ়া আঙুলি দেখুওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিপৰীতে বিধেয়কৰ বিৰুদ্ধে এই স্থিতি গ্ৰণহ কৰিছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে। আজি নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিও ৰিঅ’ৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এক দীঘলীয়া বৈঠকৰ অন্তত কেবিনেটে এই সিদ্ধান্তটো লয়।

প্ৰেছ বিজ্ঞপ্তিযোগে সিদ্ধান্তটোৰ বিষয়ে জনাই নাগালেণ্ড কেবিনেটৰ সচিব টেমজেন টয়ে কয় যে আজিৰ সভাত কেবিনেটে ৰাজ্যখনৰ জনসাধাৰণে বিধেয়কখনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা গণতান্ত্ৰিক ক্ষোভ আৰু প্ৰতিবাদৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্তটো লৈছে।

‘জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰা ৰাজ্য চৰকাৰেও বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে’ বুলি বিজ্ঞপ্তিটোত কোৱা হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড কেবিনেটে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল।