NORTHEAST NOW (Assamese)
অসম

মানিকপুৰ জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

Posted by: নীলমণি শৰ্মা January 21, 2019 8:58 pm
Krishnai

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া মায়া বজাৰত অৱস্থিত মানিকপুৰ জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে আজি পুৱা ৯ বজাত এক চাফাই অভিযান চলোৱা হয়। এই চাফাই অভিযানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে।

ইয়াৰ পিছত ১০ বজাত পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ওৱাজেদ আলীয়ে। পতাকা উত্তোলনৰ পিছতে ওৱাজেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাংবাদিক কন্দৰ্প কুমাৰ দেৱ নাথ, হালোৱা সংগ্ৰাম সমিতিৰ সম্পাদক আনোৱাৰ হুছেইন, কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ মইনুল হক আদিকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে মুকলি সভা উপলক্ষে বিদ্যালয়খনৰ কন-কন ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য-গীতে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে।