NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ডিফুত জোঁৰ সমদল

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং January 21, 2019 9:02 pm
CAB protest in Diphu1

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে জইণ্ট একশ্যন কমিটী ফ’ৰ অটোনমাছ ষ্টে’টে (Joint Action Committee for Autonomous State চমুকৈ JACAS) এটা জোঁৰ সমদল বাহিৰ কৰে। এই জোঁৰ সমদলটো ৰিক্ৰিয়েশ্যনেল পাৰ্কৰ পৰা ডিফু চহৰলৈ লৈ যোৱা হয়। ইয়াৰ পূৰ্বে, যোৱা ১৯ ডিচেম্বৰত এইটো সংগঠনে অসমৰ কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছিল। ড০ শৰ্মাই কাৰ্বিসকল বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধী নহয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে এইদৰে তেওঁক চোকা সমালোচনা কৰিছিল।

এই প্ৰতিবাদী সমদলত বিপুল সংখ্যক জনতাই অংশগ্ৰহণ কৰিছিল। এই সমদলটো ছেমছন সিং ইংতি স্মাৰক উদ্যানত সমাপ্ত হয়। জইণ্ট একশ্যন কমিটী ফ’ৰ অটোনমাছ ষ্টে’টৰ অধ্যক্ষ খৰছিং টেৰনে কৈছে যে ড০ শৰ্মাই মিছা মাতিছিল।

খৰছিং টেৰনে কৈছে, ‘‘কাৰ্বি আংলঙৰ জনসাধাৰণে বিশেষকৈ কাৰ্বিসকলে হিন্দু বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিৰোধী আৰু ড০ শৰ্মাই কাৰ্বিসকলে নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা নকৰা বুলি কোৱাটো এটা মিছা কথা।

প্ৰতিবাদকাৰীসকলে আমি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰোঁ, নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোডী হুছিয়াৰ, হুছিয়াৰ আৰু বিজেপি চৰকাৰ হুছিয়াৰ, হুছিয়াৰ ধ্বনি দিয়ে।