NORTHEAST NOW (Assamese)
Popular Stories

এজনী গৰুৰ বাবেই নগাঁৱত ডিঙি কাটি দম্পতীক নিৰ্মম হত্যা

Posted by: মিণ্টু দাস January 22, 2019 7:39 pm

নগাঁও জিলাৰ কঠিয়াতলীত আজি পুৱা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ কঠিয়াতলী অঞ্চলটোকে জোকাৰি গৈছে। এজন নিষ্ঠুৰ যুৱকে এহাল দম্পতীক দাৰে ঘপিয়াই হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে আনৰ বাৰীত গৰু এৰাল দিয়াক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয়। হত্যাৰ বলি হোৱা স্বামী-স্ত্ৰীক সুকুমাৰ বিশ্বাস (৬০) আৰু মালতি বিশ্বাস (৫২) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা অনুসৰি আনদিনাৰ দৰে আজি পুৱা শোৱা পাটিৰ পৰা উঠি দিনটোৰ কৰ্মসূচী আৰম্ভ কৰিছিল কঠিয়াতলীৰ মিকিৰগাঁৱৰ সুকুমাৰ বিশ্বাস আৰু মালতি বিশ্বাসে। পুৱা মালতি বিশ্বাসে ঘৰৰ গৰুজনী ওচৰৰ বিনয় বিশ্বাসৰ বাৰীত এৰাল দিছিল।

ইয়াকে্ লৈ মালতীক বিনয়ে দুৰ্ব্যৱহাৰ কৰে আৰু দুয়োৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়, কাজিয়াৰ মাজতে বিনয়ে মালতিক ঘপিয়াই ডিঙি চিঙি দিয়ে। আনকি সিমানতো ক্ষান্ত নহ’ল ঘাতক বিনয়। পত্নীৰ কাষলৈ দৌৰি অহা সুকুমাৰ বিশ্বাসকো তেওঁ একেদৰে হাতৰ দাৰে ঘপিয়াই হত্যা কৰে।

আনহাতে ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী বিনয় বিশ্বাসে তাৰ পৰা পলায়ন কৰে যদিও কিছু সময়ৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।