NORTHEAST NOW (Assamese)
অৰুণাচল

১ ফেব্ৰুৱাৰিৰ পৰা অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব য়মগ’ নদী মহোৎসৱ

Posted by: মৈত্ৰেয়ী শৰ্মা January 23, 2019 2:53 pm
yomgo river festival

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ আল’ চহৰত ১ ফেব্ৰুৱাৰিৰ পৰা ৩ ফেব্ৰুৱাৰিলৈ য়মগ’ নদী মহোৎসৱ অনুস্থিত হ’ব। তিনিদিনীয়াকৈ অনুস্থিত হ’ব লগীয়া মহোৎসৱখনত সাস্কৃতিক প্ৰদৰ্শনী, দুঃ সাহসিক ক্ৰীড়া আৰু আড্ৰেনালাইন পাম্পিং সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই মহোৎসৱতে সংগীতপ্ৰেমীসকলে উপভোগ কৰিব পাৰিব বেণ্ড ডেভিদ অংগু, গুৰু ৰেউবেন আদি বেণ্ডৰ সংগীতানুষ্ঠান। ইয়াৰ উপৰি বিভিন্ন দুঃ সাহসিক ক্ৰীড়া যেনে মটৰ চাইকেল চলোৱা, চাইকেল প্ৰতিযোগিতা, ট্ৰেকিং, এংলিং, ৰাফটিং, জিপলিং আদিও অনুস্থিত হ’ব।

এংলিং ক্ৰীড়াত প্ৰথম তিনিজন বিজয়ীয়ে ক্ৰমে ৮০ হাজাৰ, ৫০ হাজাৰ আৰু ৩০ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে মট’ক্ৰছ নামেৰে জনাজাত মটৰ চাইকেল চলোৱা প্ৰতিযোগিতাখনতো বিভিন্ন আকৰ্ষণীয় পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে এই মহোৎসৱখনিত প্ৰতিযোগীসকলে অৰুণাচল প্ৰদেশৰ বিভিন্ন খাদ্য সম্ভাৰৰ লগতে ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব পাৰিব।