NORTHEAST NOW (Assamese)
অসম

শিহৰণকাৰী পথ দুৰ্ঘটনা : তেলৰ টেংকাৰৰ খুন্দাত মৃত্যু তিনিজন প্ৰবক্তাৰ, শোকস্তব্ধ গোলাঘাট-যোৰহাট

Posted by: এন ই নাও নিউজ January 24, 2019 9:09 am
accident

২৩ জানুৱাৰি নিশা সংঘটিত এটা শিহৰণকাৰী পথ দুৰ্ঘটনাত তিনিজনকৈ প্ৰবক্তাই মৃত্যুক আঁকোৱলি লোৱা ঘটনাই এতিয়া শোকস্তব্ধ কৰি তুলিছে গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চল।

জানিব পৰা অনুসৰি নিশা দেৰগাঁৱৰ কাকডোঙাত স্কৰপিঅ’ আৰু তেলৰ টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় যোৰহাট চি কে বি কলেজৰ দুজনকৈ প্ৰবক্তাৰ।

দুৰ্ঘটনাস্থলতে মৃত্যুক আঁকোৱালি লোৱা প্ৰবক্তা দুজনক ৰঞ্জিত শইকীয়া আৰু কেশৱ হাজৰিকা বুলি চিনাক্ত কৰিছে। আনহাতে উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আন দুজন প্ৰবক্তা ক্ৰমে নৰেন শইকীয়া আৰু জিণ্টু ফুকনক লগে লগে স্থানীয় ৰাইজৰ সহযোগত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হয় প্ৰবক্তা জিণ্টু ফুকনৰ।

উল্লেখ্য যে সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ পৰা স্কৰপিঅ’ গাড়ীখনেৰে ঘৰলৈ আহি থকাৰ সময়তে দেৰগাঁৱৰ কাকডোঙাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। এই খবৰে যোৰহাট জিলাৰ সকলোকে মৰ্মাহত কৰি তুলিছে।