আজি দুপৰীয়া ডিব্ৰুগড় বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয়া ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এটি পৰিয়ালৰ পিতা-পুত্ৰই মৃত্যুক সাবটি লয়।
ঘটনাৰ বিৱৰণি অনুসৰি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখৰ উজনি ভৰলুৱা গাঁৱৰ নিৱাসী বকুল বড়া(৪৫) আৰু তেওঁ পত্নী মৃদুলা শইকীয়া বড়াই নিজৰ একমাত্ৰ পুত্ৰ নিলীম আকাশ বড়া (১৪)ক লগত লৈ এখন হোণ্ডাই ইয়ন গাড়ীৰে চিকিৎসাজনিত কাৰণত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ আহি আছিল।
কিন্তু তেনে অৱস্থাতে দুৰ্ভাগ্যৱশত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাৰ সন্মুখতে বিপৰীত দিশৰ পৰা অহা এখন মাৰুটি আৰ্টিকা গাড়ীত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়। ফলত ইয়ন গাড়ীখনত চালকৰ আসনত থকা বকুল বড়া, তেওঁৰ পুত্ৰ আৰু পত্নী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে গাড়ীখনত যোৱা আন দুগৰাকী আৰোহী দেৱাশীষ শইকীয়া আৰু প্ৰভাত শইকীয়াও আহত হয়৷
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আহত কেউজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও অসম অসম চিকিৎসা মহাবিদ্যালয় নৌপাওঁতেই বকুল বড়াৰ মৃত্যু ঘটে৷ ইফালে অতি সংকটজনক অৱস্থাত পত্নী আৰু পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ নিলীম আকাশ বড়া নামৰ কিশোৰ গৰাকীৰো শোকাৱহভাৱে মৃত্যু ঘটে৷
ইফালে নিহত বকুল বড়াৰ পত্নী মৃদুলা শইকীয়া বৰ্তমান সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত আনদুজন বৰ্তমান বিপদমুক্ত হোৱাৰ বিপৰীতে দুৰ্ঘটনাত পতিত আনখন আৰ্টিকা গাড়ীত অহা পাঁচজনীয়া পৰিয়ালটিকো ১০৮ যোগে অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন চিকিৎসা সেৱা বিভাগত ভৰ্তি কৰোৱা হৈছে।
উল্লেখযোগ্য যে দিখৌমুখৰ ভৰলুৱা তিনিআলিত এখন সৰু চাহ-তামোলৰ দোকান দি পেট প্ৰৱৰ্তোৱা অঞ্চলটোৰ এগৰাকী সৰবৰহী যুৱক বকুল বড়াৰ লগতে তেওঁৰ একমাত্ৰ পুত্ৰৰ দূৰ্ঘটনাটোত শোকাৱহ ভাৱে হোৱা অকাল মৃত্যুত সমগ্ৰ দিখৌমুখ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।