NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত স্থাপন হ’ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আঞ্চলিক তথ্যকেন্দ্ৰ

Posted by: এন ই নাও নিউজ January 24, 2019 5:47 pm
Server racks in server room data center

উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা আচুতীয়া আঞ্চলিক তথ্যকেন্দ্ৰ স্থাপন কৰা হ’ব বুলি ড’নাৰ মন্ত্ৰীয়ে জনাইছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় তথ্যবিদ্যা কেন্দ্ৰৰ (National Informatics Centre চমুকৈ NIC) সমৰ্থনত এই সৰ্বাধুনিক প্ৰতিষ্ঠানটো স্থাপন কৰা হ’ব।

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (স্বতন্ত্ৰ) মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ২৪ জানুৱাৰি বৃহস্পতিবাৰে জনাইছে যে প্ৰস্তাৱিত আঞ্চলিক তথ্যকেন্দ্ৰটো গুৱাহাটীত স্থাপন কৰা হ’ব। এই প্ৰতিষ্ঠানটোৰ বাবে ভূমি দান কৰিব অসম চৰকাৰে।

বৰ্তমান দিল্লী, হাইদৰাবাদ, পুনে আৰু ভূবনেশ্বৰত এনেধৰণৰ তথ্যকেন্দ্ৰ আছে। প্ৰায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে এই তথ্যকেন্দ্ৰটো স্থাপন কৰা হ’ব। ড’নাৰ মন্ত্ৰ্যালয় আৰু উত্তৰ পূৰ্বীয় পৰিষদে এই প্ৰকল্পটোত নীতিগত দিশত সহায়তা আগবঢ়াব। উপলব্ধ সম্পদ আৰু সাধ্য অনুসৰি সমৰ্থন আৰু বিত্তীয় সহায়তা পাৰস্পৰৰ মাজত ভাগ হ’ব।

উপ সঞ্চালক প্ৰধান ডিচি মিশ্ৰ, ৰাজ্য তথ্যবিদ্যা বিষয়া সুচিত্ৰা প্যাৰেলাল আৰু আঞ্চলিক কাৰিকৰী সঞ্চালক আশীষ বিক্ৰম আস্থানাৰে গঠিত ৰাষ্ট্ৰীয় তথ্যবিদ্যা কেন্দ্ৰৰ এটা গোটে ড’নাৰ মন্ত্ৰীক এই প্ৰকল্পটোৰ বিষয়ে এটা চমু আভাস দিয়ে।

এই উদ্যোগে ডিজিটেল ইণ্ডিয়াৰ অন্তৰ্গত ডিজিটেল নৰ্থ-ইষ্ট ইণ্ডিয়া গঠন কৰাত এটা এৰাব নোৱৰা ভূমিকা পালন কৰিব। ইয়ে ই-গভৰ্নেছ সেৱা, ভূ-স্থানিক প্ৰয়োগ আৰু বিকাশ সম্পৰ্কীয় কাম-কাজ কৰাত আৱশ্যকীয় শক্তি যোগান ধৰিব।