NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগদান অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিদ্যা সিং ইংলেঙৰ

Posted by: এন ই নাও নিউজ January 24, 2019 7:43 pm
24-01-19-Guwahati-BJP-joining-Bidya-Sing-Engleng-1-750x375

আগন্তুক লোকসভা নিৰ্বাচনলৈ ৩ মাহতকৈও কম দিন থকাৰ সময়তেই অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিদ্যা সিং ইংলেঙে বিজেপিত যোগদান কৰিছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কংগ্ৰেছ দলৰ ডিফু বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰে। ইংলেঙে বিজেপিত যোগদান দিয়াৰ বিষয়টো কংগ্ৰেছত এটা মোক্ষম আঘাত বুলি বিবেচিত হৈছে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এটা অনুষ্ঠানত ইংলেঙক অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰায়। উল্লেখ্য যে কংগ্ৰেছত থকা সময়ত ইংলেঙক ড০ শৰ্মাৰ এগৰাকী অনুগত মন্ত্ৰী হিচাপে জনা গৈছিল।

উল্লেখ্য যে জানুৱাৰিৰ ১৯ তাৰিখে হাইলাকান্দিৰ পূৰ্বৰ বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ৰাহুল ৰয়ে কংগ্ৰেছৰ সাধাৰণ সদস্যপদৰ পৰা পদত্যাগ কৰিছিল। তেওঁৰ পিতৃ গৌতম ৰয়েও কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। সূত্ৰৰ পৰা জনা গৈছে যে ৰাহুল ৰয় আৰু তেওঁৰ পিতৃ গৌতম ৰয়ে সোনকালে বিজেপিত যোগদান কৰিছিল।