NORTHEAST NOW (Assamese)
অসম

বিজেপি শাসিত অসমৰ বিধান সভাত অন্ত মোদীৰ ডিজিটেল ইণ্ডিয়াৰ দৌৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 24, 2019 8:38 pm
Narendra-MODI, dark triad, personality worship and alternative

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ স্বপ্নৰ দৌৰ অন্ত পৰিছে বিজেপি শাসনাধীন অসমৰ বিধান সভাত।

প্ৰধান মন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন দেখাৰ সময়ত, অ’ এন জি চিৰ দৰে প্ৰতিষ্ঠানক কেৱল ডিজিটেল ৰূপতহে বিজ্ঞাপন দিবলৈ নিৰ্দেশ জাৰি কৰাৰ সময়ত অসম বিধান সভাত প্ৰৱেশৰ অনুমতি দিব খোজা হোৱা নাই ডিজিটেল মাধ্যমৰ সাংবাদিকক।

বিধান সভাৰ প্ৰেছ ৰিপৰ্টাৰ্ছ সমিতিয়ে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি ‘ডিজিটেল মিডিয়া’ৰ সাংবাদিকসকলক আসন্ন বাজেট অধিৱেশনত সাংবাদিকৰ বিথীকাত প্ৰৱেশৰ অনুমতি দিয়া নহয়।

নৰ্থ-ইষ্ট নাওক এই কথা জনাইছে অসম বিধান সভা প্ৰেছ ৰিপৰ্টাৰ্ছ সমিতিৰ সচিব হৰেন বুঢ়াগোহাঞিয়ে।

“বাজেট অধিৱেশনত সাংবাদিকৰ প্ৰৱেশ পত্ৰ সন্দৰ্ভত আমাৰ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত ‘ডিজিটেল মিডিয়া’ৰ সাংবাদিক সকলক বিধান সভাৰ সাংবাদিকৰ বিথীকাৰ বাবে প্ৰৱেশ পত্ৰ নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে,” বুঢ়াগোহাঞিয়ে কয়।

২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত প্ৰৱেশ পত্ৰ বিচাৰি বিমুখ হৈছে নৰ্থ-ইষ্ট নাওৰ উপৰি আন দুটা ডিজিটেল মিডিয়াই।

আৰু এই পৰামৰ্শ সমিতিক অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগেও দিয়া বুলিও তেওঁ সদৰী কৰে।

এই সন্দৰ্ভত যোৱা ২১ জানুৱাৰিত বৈঠক অনুষ্ঠিত কৰিছিল প্ৰেছ ৰিপৰ্টাৰ্ছ সমিতিয়ে।