NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিলৰ দাবীত গৌৰীসাগৰত অঃ জাঃ যুঃ ছাঃ পঃৰ জোঁৰ সমদল

Posted by: ৰাজীৱ দত্ত January 24, 2019 8:49 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এই জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে৷

আঞ্চলিক সমিতিখনৰ সভাপতি-সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি কলিতা আৰু জনি আহমেদৰ নেতৃত্বত শতাধিক যুৱ ছাত্ৰ কৰ্মীয়ে হাতে হাতে জোঁৰ লৈ ‘জাতীয় প্ৰতাৰক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায়, শ্বহীদৰ ত্যাগক মূল্য দিয়ক’ আদি প্ৰতিবাদী শ্ল’গানেৰে গৌৰীসাগৰৰ আকাশ-বতাহ কঁপাই তোলে৷

আজিৰ এই প্ৰতিবাদী সমদলত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস,সম্পাদক গৌতম গগৈ, বিত্ত সম্পাদক প্ৰয়াস গোস্বামী উপস্থিত থাকে৷