বিধেয়ক গৃহীত হ’লে অসমৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য অধিক শক্তিশালী হৈ উঠিব : মুখ্য মন্ত্ৰী

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসম তথা উত্তৰ-পূবৰ কলা-সংস্কৃতি, ঐতিহ্য বিপন্ন হ’ব বুলি ইতিমধ্যে বৌদ্ধিক মহল তথা বিভিন্ন জাতীয় দল-সংগঠনে সদৰী কৰি আহিছে লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই কথাৰ সম্পূৰ্ণ ভেঙুচালি কৰি সৰুসজাই ষ্টেডিয়ামত বিধেয়কখনৰ সমৰ্থনত বক্তৱ্য ৰাখে মুখ্য মন্ত্ৰী তথা জাতীয় নায়ক খিতাপ দখল কৰা সৰ্বানন্দ সোণোৱালে।
তাৎপৰ্যপূৰ্ণভাৱে, বিধেয়কখন গৃহীত হ’লে অসমৰ কলা-সংস্কৃতি অধিক শক্তিশালী হ’ব বুলিহে দাবী কৰে সোণোৱালে।
‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগে লগে অসমৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য অধিক শক্তিশালী হৈ উঠিব।‘’ বৌদ্ধিক মহল আৰু জাতীয় সংগঠনৰ বিপৰীতে এই বক্তব্য সোণোৱালৰ।
ইপিনে, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনৰ আন্দোলন তথা বৈপ্লৱিক কন্ঠৰ ওপৰতো আঙুলি টোৱায় একালৰ আই.এমডিটি আইন বাতিলত যথেষ্ট ভুমিকা লোৱা সোণোৱালে।
‘’মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান অবৈধ প্ৰব্ৰজনকাৰীয়ে গ্ৰাস কৰাৰ সময়ত জাতীয় সংগঠনসমূহৰ নেতৃত্বৰ বৈপ্লৱিক শক্তি আৰু কন্ঠ ক’ত গৈছিল?’’ জাতীয় সংগঠনৰ নেতৃত্বৰ প্ৰতি এই প্ৰশ্ন এসময়ৰ ছাত্ৰ নেতা সোণোৱালৰ।
আনকি, যোৱা চাৰে চাৰি বছৰত কাৰ্যতঃ একো নকৰা চৰকাৰখনে হঠাতে অসম চুক্তিৰ ৬ নম্বৰ দফা সম্পৰ্কত এক সিদ্ধান্ত লোৱাত ক্ষুব্ধ হৈ পৰিছিল সদৌ অসম ছাত্ৰ সন্থা। লগতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত কোনো নতুনত্ব নাই বাবে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত গঠন কৰা উচ্চস্তৰীয় কমিটিত নথকাৰ সিদ্ধান্ত লৈছিল আছুৱে। আছুৰ এনে সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিয়ে সৰ্বানন্দ সোণোৱালে।
‘’অসম চুক্তি সদৌ অসম ছাত্ৰ সন্থাই স্বাক্ষৰ কৰিছে, গতিকে কাৰ্য্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব আছে, গতিকে আপোনালোকে কেনেকৈ আঁতৰি থাকিব? তেওঁলোকে প্ৰধান মন্ত্ৰী মোদীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আঁতৰি থকাটো অত্যন্ত দুৰ্ভাগ্যজনক।‘‘ আছুক কেন্দ্ৰ কৰি এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ।
সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বুদ্ধিজীৱি, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিসকলে প্ৰধান মন্ত্ৰীয়ে খিলঞ্জীয়াক প্ৰদান কৰা সুযোগ গ্ৰহণ কৰি খিলঞ্জীয়াৰ সুৰক্ষা সু-নিশ্চিত কৰিবৰ বাবে সোণোৱালে আহ্বান জনায়।
ইপিনে, জাতিধ্বংসী বিধেয়কৰ পূৰ্ণ সমৰ্থনত থকাক কেন্দ্ৰ কৰি অসমৰ জনসাধাৰণ আৰু দল-সংগঠন তথা বৌদ্ধিক মহলৰ তীব্ৰ সমালোচনা তথা গালি-গালাজৰ সন্মুখীন হৈছে মুখ্য মন্ত্ৰী সোণোৱাল।
এই গালি-গালাজেও গা লৰাব নোৱাৰা মুখ্য মন্ত্ৰী সোণোৱালৰ মন্তব্য ‘‘মোক অসমবাসীয়ে গালি দিলেও মোৰ দেশভক্তি কমাব নোৱাৰে। সৰ্বানন্দ সোণোৱালক গালি দিয়ক, যি ভাষাৰে গালি দিব বিচাৰে দিয়ক, তথাপি অসমী আইৰ প্ৰতি যি বিশ্বাস, সেই বিশ্বাস মৃত্যুৰ আগমুহূৰ্তলৈকে ধৰি ৰাখিম।‘’
তাৎপৰ্য্যপূৰ্ণভাৱে, ‘অধ্যয়ন নকৰাকৈ বিধেয়কৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাটো মহাপাপ আৰু মহা অপৰাধ’’ বুলি মন্তব্য কৰে সোণোৱালে।
সোণোৱালৰ মতে ‘’কংগ্ৰেছ আৰু অগপই ঘৰে ঘৰে গৈ কেৱল অসমৰ বাবে এই বিধেয়কখন অনা বুলি অপ-প্ৰচাৰ চলাই আছে।‘’
ইপিনে, হিমন্ত বিশ্ব শৰ্মাই উক্ত সভাতে ভাষণ প্ৰদান কৰি বিধেয়কখনক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন বক্তাৰ বক্তৃতাৰ প্ৰতিযোগিতা চলিছে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
‘‘হিমন্ত বিশ্ব শৰ্মাই ঠিকেই কৈছে বিভিন্ন বক্তাৰ এতিয়া বক্তৃতাৰ প্ৰতিযোগিতা চলিছে।‘’ হিমন্ত বিশ্ব শৰ্মাক পূৰ্ণ সমৰ্থন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
আনহাতে, জাতীয় দল-সংগঠনৰ নেতৃত্বই বিদেশী নতুনকৈ আনিব বুলি অপ-প্ৰচাৰ চলোৱা বুলিও বক্তব্যত উল্লেখ কৰে মুখ্য মন্ত্ৰীয়ে।
‘’প্ৰথমতে ১ কোটি ৯০ লাখ বাংলাদেশী আহিব বুলি কৈছিল, পিছত বাকযুদ্ধ আৰম্ভ হোৱাৰ পাছত এই সংখ্যা কমি আহিল। অৰ্থ্যাৎ তেওঁলোকৰ হাতত কোনো তথ্য নাই। অসমৰ বুকুত কিমান শৰণাৰ্থী আছে, সেই তথ্যয়ো তেওঁলোকৰ হাতত নাই। শৰণাৰ্থী আৰু অবৈধ বিদেশীৰ মাজত পাৰ্থক্য অপ-শক্তিসমূহে বিচাৰি উলিয়াব নোৱাৰে।‘’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰব দল সংগঠনক কটাক্ষ মুখ্য মন্ত্ৰী সোণোৱালৰ।