NORTHEAST NOW (Assamese)
অসম

৬ দিনৰ CID জিম্মালৈ SI কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড পি. কে. দত্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 7, 2020 4:16 pm
Assam police SI recruitment scam: One more arrested in Guwahati

৬ দিনৰ CID জিম্মালৈ দিয়া হৈছে SI কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড, অসম আৰক্ষীৰ প্ৰাক্তন ডি আই জি পি. কে. দত্তক।

CIDয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল পি কে দত্তক। কিন্তু কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ আদালতে ৬ দিনৰ জিম্মাত দিয়ে CID ক।

CIDৰ জিম্মালৈ নিয়াৰ পূৰ্বে GMCHত স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে নিৰ্দেশ দিয়ে আদালতে।

পি কে দত্ত CARDIOLOGY, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে বুলি আদালতত জনায়।

উল্লেখযোগ্য যে, কালি ভাৰত নেপাল সীমান্তৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পি কে দত্তক।

শেষ নিশা তেওঁক CID কাৰ্যালয়লৈ লৈ আনে আৰক্ষীয়ে।

অভিযোগ অনুসৰি, পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকাই মিলি এই SI কেলেংকাৰি সংঘটিত কৰিছিল।

CIDৰ গোচৰ নং ২১/২০ ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১২০(B), ৪০৯ RW ৬৬(B)ৰ অধীনত দত্তক গ্ৰেপ্তাৰ কৰা হৈছে।