NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিল নহ’লে খুকুৰী লৈ ৰাজপথত ওলাই অহাৰ হুংকাৰ গোর্খাৰ

Posted by: দীপক কুমাৰ পাঠক January 24, 2019 10:30 pm
IMG_20190124_182011

নাগৰিকত্ব সংশোধনী বিধেয়ক – ২০১৬’ৰ বিৰুদ্ধে ৰাজ্য ব্যাপি বিভিন্ন দল – সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে তামুলপুৰ মহকুমাটো ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। আজি সন্ধিয়া বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাই তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বিশাল জোঁৰ সমদল কাৰ্য্যসুচী ৰূপায়ণ কৰে।

সন্ধিয়া ৬ বজাত কেইবা শতাধিক গোর্খা সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কুমাৰীকাটাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকীয়াবস্তীস্থিত কাৰ্যালয়ৰ পৰা কুমাৰীকাটা-জালাহ পথ হৈ কুমাৰীকাটাৰ ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত  উপস্থিত হয় আৰু বিধেয়ক বাতিলৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জোঁৰ সমদলত অংশ লোৱা সমদলকাৰীসকলে নাগৰিকত্ব বিধেয়ক বাতিল কৰক, গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ, আছু জিন্দাবাদ, আছে খুকুৰী ধৰা নাই, ধৰিলে খুকুৰী ৰক্ষা নাই, অসম চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক , নৰেন্দ্ৰ মোদী হুচিয়াৰ, নৰেন্দ্ৰ মোদীৰ কাম নাই, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ,অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগানেৰে কুমাৰীকাটাৰ পৰিবেশ উত্তাল কৰি তোলে।

আজিৰ এই জোঁৰ সমদলত বাগানপাৰা, বাক্সাৰ সুৱনখাটা, ডেফেলী ন-বস্তী মানস আঞ্চলিক সমিতিৰ লগতে বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বজগাই,  সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, কেন্দ্ৰীয় সমিতিৰ সদস্য লেখ চুব্বা আদিকে ধৰি কেইবা শতাধিক নেতা- কৰ্মী উপস্থিত থাকে ৷

সন্ধিয়া জোঁৰ সমদলটো কুমাৰীকাটা বজাৰত আনুষ্ঠানিকভাৱে সামৰণি পেলায়৷ শেষত জিলা সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী আৰু সভাপতি ৰাজু বজগাইয়ে বিধেয়কখন বাতিলৰ দাবীত বক্তব্য ৰাখি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে বিধেয়কখন বাতিলৰ দিহা কৰাৰ বাবে দাবী জনায়৷