NORTHEAST NOW (Assamese)
অসম

অসমক নিঃশেষ কৰাৰ কাৰণে হিমন্ত-সৰ্বাই অগপক ব্যৱহাৰ কৰিছে!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2019 7:10 am
Himanta Sarba AGP

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতিত অটল থকা অসম গণ পৰিষদে ইতিমধ্যে বিজেপিৰ মিত্ৰজোঁট ভংগ কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।

ইয়াৰ বিপৰীতে বৰ্তমানৰ কংগ্ৰেছী তথা প্ৰাক্তন অগপ নেতা দুৰ্গা প্ৰসাদ বড়োৱে অগপৰ স্থিতিক লৈ সন্দেহ ওপজিছে বুলি উল্লেখ কৰাৰ লগতে অগপক নিঃশেষ কৰাৰ বাবে বিজেপি উঠি-পৰি লগা বুলিও মন্তব্য কৰে।

‘অসমক নিঃশেষ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অগপক ব্যৱহাৰ কৰিছে।‘ সংবাদমাধ্যমৰ আগত এইদৰে কয় কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে।

তেওঁ কয়, ‘’অগপই মন্ত্ৰিত্বৰ পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীৰ ওচৰত প্ৰদান কৰিছিল যদিও বৰ্তমানো মুখ্য মন্ত্ৰীয়ে সেই পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা নাই। কাৰণ বিজেপিয়ে ভাবিছে যে অগপ পুনৰ ঘূৰি আহিব।‘’

তদুপৰি, বিজেপিয়ে ষড়যন্ত্ৰৰে অগপক নিঃশেষৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে বড়োৱে।‘’ভাৰতীয় জনতা পাৰ্টীয়ে ৰচনা কৰা ফান্দত বৰ বেয়াকৈ ফচি গ’ল অসম গণ পৰিষদ,‘’-এইদৰে কয় বড়োৱে।

বড়োৰ মতে ‘’অসম গণ পৰিষদক কোনোদিনেই মূৰ দাঙি থিয় হ’ব নিদিয়ে বিজেপিয়ে।‘’

ইতিমধ্যে, অসম গণ পৰিষদে তেওঁলোকৰ দুতলীয়া স্থিতিৰ কাৰণেই পঞ্চায়ত নিৰ্বাচনত চতুৰ্থ স্থানত থাকিবলগীয়া হ’ল বুলি মন্তব্য কৰে বড়োৱে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ইতিমধ্যে অগপই অহা ২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ অধিবেশনত বিৰোধীৰ আসনত অধিষ্ঠিত কৰিবৰ বাবে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।