NORTHEAST NOW (Assamese)
অসম

বিহুতলীত চকীদাৰ হত্যা: তেজপুৰত এজনক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2019 7:35 pm
tezpur central jail Life-time imprisonment to murder accused in Assam's Tezpur

২০১২ চনত সংঘটিত স্কুল চকীদাৰ তপন ডেকাৰ হত্যাত দোষী সাব্যস্ত কৰি পাপু শইকীয়া নামৰ এজনক মঙলবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে তেজপুৰৰ ফাস্ত ত্ৰেক আদালতে।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰমেন বৰুৱাই এই ৰায় প্ৰদান কৰিছে, জনায় চৰকাৰী অধিবক্তা অনুজ বৰাই।

দীৰ্ঘ ৭ বছৰৰ বিচাৰৰ অন্তত আদালতে শইকীয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০হাজাৰ টকাৰ জৰিমনাও বিহিছে।

২০১২ চনৰ ৫ মে’ৰ নিশা তেজপুৰ কলেজিয়েট স্কুল খেলপথাৰত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠান চলি থকাৰ মাজতে শইকীয়াই ডেকাক চুৰীৰে আঘাত কৰি হত্যা কৰিছিল।

নিহত ডেকাৰ পৰিয়ালে তেজপুৰ থানাত ৬০৯/২০১২ নং এক গোচৰ ৰুজু কৰিছিল।

শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত জে’ললৈ প্ৰেৰণ কৰিছিল।