NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত মহিলাই হত্যা কৰিলে স্বামীক; দুই সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2024 7:22 am

চাবুৱাৰ অসম জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ ঘটনাই এক চাঞ্চল্যকৰ মোৰ লৈছে। শনিবাৰে এই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ পত্নী প্ৰহেলিকা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাৰ সৈতে জড়িত মেয়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়া নামৰ দুজন সহযোগীকো আৰক্ষীয়ে আটক কৰে।

যোৱা ১০ ছেপ্টেম্বৰৰ নিশা ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত জেৰাই গাওঁত থকা মাধুৰ্যৰ ঘৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

প্ৰথম অৱস্থাত প্ৰহেলিকাই কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰি দাবী কৰিছিল যে চাৰিজনীয়া এটা দলে তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক আৰু তেওঁলোকৰ সাত বছৰীয়া সন্তানক আৱদ্ধ কৰি ৰাখিছিল আৰু তেওঁৰ স্বামীক হত্যা কৰিছিল।

লগতে পঢ়কঃ ভাৰতৰ পিঁয়াজ ৰপ্তানিৰ চৰ্ত শিথিল; বাংলাদেশে ভাৰতলৈ প্ৰেৰণ কৰিব ইলিছ

কিন্তু তেওঁৰ বক্তব্যৰ অসামঞ্জস্যৰ বাবে আৰক্ষীয়ে গোচৰটো গভীৰতাৰে পৰ্যবেক্ষণ কৰিবলৈ ল’লে।

তদন্তত প্ৰকাশ পাইছে যে প্ৰহেলিকাৰ মেয়ন্ত গগৈৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। আৰক্ষীৰ মতে, ভাস্কৰ শইকীয়াৰ সৈতে লগ লাগি প্ৰেমিকযুগলে নিজৰ পৰিকল্পনা সম্পন্ন কৰিবলৈ মাধুৰ্যক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

চাবুৱা থানাত তীব্ৰ জেৰাৰ অন্তত প্ৰহেলিকাই অপৰাধ স্বীকাৰ কৰাৰ পিছত তিনিওজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ সচাঁকৈয়ে দেশদ্ৰোহী নে ওমৰ খালিদ? বিনা বিচাৰে জেলত কটালে চাৰিবছৰ!

‘অভিযুক্ত প্ৰহেলিকা বৰুৱাই স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। দুজন সহযোগীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ছিজল আগৰৱালে এইদৰে কয়।

শনিবাৰে স্থানীয় শতাধিক মহিলাই চাবুৱা থানাৰ বাহিৰত সমবেত হৈ ন্যায় বিচাৰে আৰু অভিযুক্তক মৃত্যুদণ্ডৰ দাবী জনায়।