• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

সচাঁকৈয়ে দেশদ্ৰোহী নে ওমৰ খালিদ? বিনা বিচাৰে জেলত কটালে চাৰিবছৰ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 14, 2024 8:12 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইটো আমাৰ দেশৰ কি ব্যৱস্থা? ওমাৰ খলিদে কালি বিনা বিচাৰে জেলত চাৰি বছৰ অতিবাহিত কৰিলে। ওমৰ খালিদৰ অপৰাধ কি? ওমাৰ খালিদক চাৰি বছৰ আগেয়ে গ্ৰেপ্তাৰ কৰা হৈছিল ইউ পি এৰ অধীনত।ওমৰ খালিদৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছেনে?  নাই হোৱা।তেওঁক জামিন দিয়া হৈছেনে?  নাই হোৱা।

বাৰে বাৰে তেওঁৰ জামিন নাকচ কৰা হৈছে। তেওঁ জামিন পোৱাৰ সম্ভাৱনা দেখিলেই পুলিচে তেওঁৰ ওপৰত অইন এটা কেচ জাপি দিয়ে। তিনি বছৰৰ মূৰত, নিম্ন আদলতৰ পৰা উচ্চ আদলত হৈ তেওঁৰ  কেচটো জামিনৰ বাবে যোৱা বছৰৰ শেষৰ ফালেহে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল গৈ। তাতেই আকৌ হাজাৰটা অথন্তৰ।

ওমৰ খালিদৰ বিষয়ে সামাজিক আৰু ৰাজনৈতিক একটিভিষ্ট যোগেন্দ্ৰ যাদৱে আজি চাৰি বছৰ আগতে The Printত এক মৰ্মস্পৰ্শী প্ৰবন্ধ  লিখিছিল। কালি তেওঁ আৰু এটা ছুটী ভিডিও কৰিছে ওমৰ খালিদ জেলত থকা চাৰি বছৰ হোৱা উপলক্ষ্যে।ওমৰৰ অপৰাধ কি? নে ওমৰ খালিদৰ পৰিচয়টোৱেই তেওঁৰ অপৰাধ? মুচলমান হোৱাটোৱেই তেওঁৰ অপৰাধ নেকি? আমাৰ দেশৰ মুচলমান সকলে কিয় বাৰে বাৰে তেওঁলোকৰ দেশানুগত্যৰ প্ৰমাণ দিব লগা হয়?

Apply Now

পৃথিৱীৰ ক’ৰবাত কোনো জেহাদীয়ে কিবা অপকৰ্ম কৰিলে আমি কিয় আমাৰ সন্মুখত থকা মুচলমান ব্যক্তিজনৰ প্ৰতি কেৰাহিকৈ চাওঁ? ধিঙত কোনো মুচলমান ডেকাই এগৰাকী যুৱতীক ধৰ্ষণ কৰিলে আৰু লগে লগে আমি সমগ্ৰ সম্প্ৰদায় এটাক তাৰ বাবে জগৰীয়া কৰিবলৈ উঠি পৰি লাগি গ’লোঁ।তাৰ পিছত ইটো ধৰ্ষণৰ খবৰ আহিছে সিটো ধৰ্ষণৰ খবৰ আহিছে কিন্তু ধৰ্ষণকাৰী বোৰ যিহেতু আমি হেয় প্ৰতিপন্ন কৰা সম্প্ৰদায়টোৰ লোক নহয় আমি চুপ চাপ আছোঁ।

আমি কিয় ইমান সংকীৰ্ণ মনা আৰু সাম্প্ৰদায়িক হৈ গৈছোঁ।ওমৰ খালিদ এজন সাহসী আৰু প্ৰতিভাবান ডেকা ল’ৰা।ওমৰ খালিদ এজন মুচলমান।কিন্তু তেওঁ এজন ধাৰ্মিক মুচলমান নহয়। তেওঁ দিনটোত পাঁচবাৰ নামাজ পঢ়া মুচলমান নহয়। কিন্তু নিজৰ মুচলমান পৰিচয়টো তেওঁ স্বাভাবিকভাবে লয়। কিয় নল’ব? মুচলমানৰ বিৰুদ্ধে হোৱা বৈষম্যৰ তেওঁ বিৰোধিতা কৰে।কিন্তু তেওঁ সকলো বৈষম্যৰ বিৰুদ্ধেও থিয় দিয়ে। তেওঁ বৈষম্যমূলক ‘কা’ৰ দুৰ্ঘোৰ বিৰোধী আছিল। তাৰ আগতে জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত কানায়া কুমাৰ, ওমৰ খালিদ আৰু অন্যান্য সকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰা হৈছিল।

সেই গোচৰত ন্যায়ালয়ে কিন্তু কানায় কুমাৰক দোষমুক্ত ঘোষণা কৰিছিল। ওমৰৰ বিৰুদ্ধে কিন্তু যেনে গোচৰ তেনেই থাকিল।‘কা’ আন্দোলনৰ সময়ত ওমৰে বিভিন্ন ঠাইত তাৰ বিৰুদ্ধে জ্বলাময়ী ভাষণ দিছিল। হিন্দুত্ববাদী এচামে তাৰ সম্পাদিত ৰূপ চাৰিওফালে প্ৰচাৰ কৰি তেওঁক দেশদ্ৰোহী সজোৱাত ব্যস্ত হৈ পৰিছিল।ওমৰৰ বিৰুদ্ধে জে এন ইউ কৰ্ত্তৃপক্ষ ইমানেই নাৰাজ হৈ পৰিছিল যে তেওঁৰ এম ফিলৰ গৱেষণা পত্ৰখনো তেওঁলোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছত যেনিবা ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁৰ গৱেষণা পত্ৰখন গ্ৰহণ কৰিবলৈ জে এন ইউ কৰ্ত্তৃপক্ষ বাধ্য হৈছিল।

ওমৰ এজন প্ৰতিভাবান যুৱক। তেওঁৰ অপৰাধ কি? হিন্দুত্ববাদী ৰাষ্ট্ৰৰ কাৰণে ওমৰ খালিদৰ অপৰাধ দুটা।এক  তেওঁ মুচলমান, দুই তেওঁ এজন বামপন্থী আদৰ্শত বিশ্বাসী অন্যায়ৰ বিৰুদ্ধে মাত মতা যুৱক।ওমৰক বিনা বিচাৰে আজি চাৰি বছৰে জেলত আৱদ্ধ কৰি থোৱা হৈছে।ওমৰ ভাগি পৰা নাই।কিন্তু ই বৰ্তমানৰ ভাৰত ৰাষ্ট্ৰ আৰু আমাৰ আইনী ব্যৱস্থাটোকেহে উলংগ কৰি দিছে।তেওঁলোকে কিমান দিন ওমৰক জেলত আৱদ্ধ কৰি থ’ব পাৰিব? আইনৰ শাসনত বিশ্বাসী সকলো বিনা বিচাৰে ওমৰ খালিদক জেলত আৱদ্ধ কৰি থোৱাৰ বিৰোধিতা কৰিব লাগে। ওমৰ খালিদৰ মুক্তি বিচাৰিব লাগে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd