NORTHEAST NOW (Assamese)
অসম

বিধেয়কৰ বিৰোধিতাত গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীস্থলীতে উৰুৱাই ৰাখিছে ক’লা পতাকা

Posted by: ৰিদিপ শর্মা January 25, 2019 10:27 pm

ক’লা পতাকাই ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, নেতাক খেদি ফুৰাৰ পিছত এইবাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত ক’লা পতাকা উৰুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিলে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

আজি কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই বিধেয়কখনৰ বিৰোধিতা কৰি এই ব্যতিক্ৰম পদক্ষেপটো লয়। লগতে তেওঁলোকে ৰাজপথত বহি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

ছাত্ৰ একতা সভাৰ নেতৃত্বত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰক বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে ‘হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ’, ‘সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই’, ‘দিল্লী দিচপুৰ হুঁচিয়াৰ’ ইত্যাদি শ্ল’গানেৰে মহাবিদ্যালয় চৌহদ কঁপাই তোলে।

আনহাতে ক’লা পতাকা উত্তোলন কৰাৰ কাষতেই কাইলৈ মহকুমা প্ৰশাসনে ৭০ সংখ্যক গণৰাজ্য দিৱস অনুষ্ঠিত কৰাৰ কথা। এনে পৰিস্থিতিত প্ৰশাসনে ক’লা পতাকাখন আঁতৰোৱাৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কাইলৈহে পোহৰলৈ আহিব।

ইয়াৰ বিপৰীতে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত ক’লা পতাকা উত্তোলনেৰে কৰা এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আমাক জানিবলৈ দিয়ে।