NORTHEAST NOW (Assamese)
অসম

চাৰিগৰাকী মন্ত্ৰীক অপসাৰণ কৰিলে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে

Posted by: এন ই নাও নিউজ December 14, 2017 2:51 pm

নাগালেণ্ডত যোৱা কেইদিনত ৰাজনৈতিক দৃশ্যপট সঘনে সলনি হোৱা দেখা গৈছে। বুধবাৰে কেইগৰাকীমান বিধায়কে মন্ত্ৰীসভা সম্প্ৰসাৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি বিদ্ৰোহ ঘোষণা কৰাৰ প্ৰচেষ্টা চলাইছিল। মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে তেওঁৰ লগতে ড০ সুৰহোজেলিৰ শিবিৰৰ বিধায়কক অন্তৰ্ভুক্ত কৰি মন্ত্ৰীসভাখন পুনৰ গঠন কৰাৰ বাবে সাজু হৈছে।

এগৰাকী জ্যেষ্ঠ বিধায়কে জনোৱা মতে কেইজনমান জ্যেষ্ঠ মন্ত্ৰীৰ নেতৃত্বত ১৮ গৰাকী বিধায়কে কোহিমাৰ হোটেল ডে অ’ৰিয়েন্ট গ্ৰেণ্ডত মিলিত হৈছিল। আন এগৰাকী বিধায়কে ভ্ৰমণৰত বিজেপি নেতাৰ বাবে এটা কোঠা বুক কৰিবলৈ যাওঁতে এই কথা পোহৰলৈ আহে।

‘বুধবাৰে ৰাতিপুৱাই এই কুচকাৱাজ আৰম্ভ হৈছিল। কেইগৰাকীমান জ্যেষ্ঠ মন্ত্ৰীৰ নেতৃত্বত কেইগৰাকীমান বিধায়কে এন পি এফৰ সভাপতি ড০ সুৰহোজেলিয়ে এখন বৈঠকআহ্বান কৰাৰ প্ৰাক্মুহূৰ্তত হোটেলখনত মিলিত হৈছিল,’’- বিধায়কগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

অৱশ্যে, সুৰহোজেলিয়ে কোনো বৈঠক আহ্বান কৰা নাই বুলি জানিব পাৰি কেইগৰাকীমান বিধায়কে তাৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও কেইগৰাকীমানক তাত বুজাই মেলি ৰখা হয়।

ইয়াৰ মাজতে সুৰহোজেলি আৰু টি আৰ জেলিয়াঙৰ সৈতে এন পিএফৰ অনুগামীয়ে এগৰাকীয়ে  গোটেই দিন ধৰি বৈঠকত মিলিত হৈছিল।

এইটো জানিব পৰা গৈছে যে হোটেল অ’ৰিয়েন্টেল গ্ৰেণ্ডত মিলিত হোৱা বিধায়কসকলে তেওঁলোকৰ বিদ্ৰোহ বন্ধ ৰাখি সন্ধিয়াৰ পিনে লাহে লাহে অন্তৰ্ধান হৈ পৰে।

আনহাতে, এনপিএফৰ সৈতে মিত্ৰতা অটুট ৰাখিবলৈ নিবিচৰা নাগালেণ্ড বিজেপিৰ বিপৰীতে এনপিএফৰ কৰ্ণধাৰ সমিতিয়ে বুধবাৰে অনুষ্ঠিত বৈঠকত বিজেপিৰ সৈতে মিত্ৰতা চলাই যোৱাৰ বাবে পৰামৰ্শ দিছে। এই পৰামৰ্শাৱলী এন পি এফৰ কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰি বিজেপিৰ সৈতে মিত্ৰতা সম্পৰ্কে সিদ্ধান্ত ল’ব।

এক সূত্ৰৰ পৰা জানিব পৰা মতে এন পি এফ আৰু বিজেপিৰ মাজত চলি থকা বিবাদসমূহ সোনকালেই নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে। মিত্ৰজোঁট চৰকাৰখনৰ পুনৰ গঠনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে বুধবাৰে সন্ধিয়া তেওঁৰ চাৰিগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰীক অপসাৰণ কৰে।  কেবিনেট সচিবে জাৰি কৰা জাননী অনুসৰি নাগালেণ্ডৰ ৰাজ্যপালে  চাৰিগৰাকী জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে ওৱাই পেটন, টখেহো য়েপথমি, ড০ নিয়েকিজেলে কিৰে আৰু নেইবা ক্ৰ’নুৰ অপসাৰণ গ্ৰহণ কৰিছে।

জানিব পৰা মতে নাগালেণ্ড বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ আগেয়ে অহা ১৪ ডিচেম্বৰত নতুন মন্ত্ৰীসভাখন গঠন কৰা হ’ব।

ইয়াৰ মাজতে বুধবাৰে আহি কোহিমাত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (উত্তৰ-পূবৰ দায়িত্বত থকা) ৰাম মাধৱে টি আৰ জেলিয়াঙৰ নেতৃত্বৰ চৰকাৰখনৰ কোনো সংকট নাই বুলি ঘোষণা কৰিছে।