NORTHEAST NOW (Assamese)
অসম

গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটত উজলিল শুৱালকুছিৰ গৌৰৱ

January 26, 2019 11:35 am
a-1-750x375

আজি ভাৰতৰ ৭০ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীৰ পেৰেড অনুষ্ঠানত পূবৰ মানচেষ্টাৰ শুৱালকুছিৰ বয়ন শিল্পীসকলৰ সাধনাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা হৈছে। এই প্ৰতীকপটটোক যোৱা ২১ জানুৱাৰিত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অনুমোদন জনাইছিল।

এই প্ৰতীকপটটোত ১৯৪৬ চনত মহাত্মা গান্ধীৰ শুৱালকুছি ভ্ৰমণক প্ৰদৰ্শন কৰা হৈছে। জানিব পৰা মতে এই প্ৰতীকপটটোক ‘পীচ উইডিন’ (Peace Within) বিষয়ৰ অন্তৰ্গত নিৰ্বাচিত কৰা হৈছে।

উল্লেখ্য যে বিভিন্ন স্তৰত অতি কঠোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰতীকপটসমূহ নিৰ্বাচিত কৰা হয়। এই প্ৰতীকপটসমূহ নিৰ্বাচন কৰাৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠিন কৰা হয়। নিৰ্বাচিত হোৱাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ইয়াক যোগ বিয়োগ কৰাৰ বাবে দিহা পৰামৰ্শ প্ৰদান কৰিব পাৰে।

প্ৰণিধানযোগ্য যে, ২০১৯ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে ৩২খন অংশগ্ৰহণকাৰী ৰাজ্যৰ ভিতৰত ১৪খন ৰাজ্যহে নিৰ্বাচিত হৈছে।