NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মহকুমা প্ৰশাসনৰ দ্বাৰা ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন

Posted by: উত্তম শইকীয়া January 26, 2019 10:26 pm
Bokakhat

দেশৰ লগতে আজি বোকাখাততো মহকুমা প্ৰশাসনৰ উদ্যোগত ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি বিবেক শ্যামে।

পতাকা উত্তোলনৰ পূৰ্বে মহকুমাধিপতি গৰাকীয়ে আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষার্থীসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্রহণ কৰাৰ উপৰি মৰণােত্তৰভাৱে দেশৰ সৰ্বোচ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰা ড০ ভূপেন হাজৰিকাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে।

আজিৰ উক্ত অনুষ্ঠানতে সাহসিকতা, ক্রীড়া, শিক্ষা, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা বোকাখাতৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

তেওঁলোকৰ ভিতৰত সাহসিকতাৰ বাবে নাজিৰুল আহমেদ আৰু আৰিফ আহমেদ, শিক্ষাবিদ প্রদীপ চাংমাই বৰুৱা, ক্রীড়া সংগঠক তথা সুদক্ষ ৰেফাৰী ইজাজুল হক, শিক্ষক সংগঠক জীৱন চন্দ্ৰ বৰা, সমাজকর্মী ৰুণু শইকীয়া, তবলাবাদক বীৰেণ দাস, উদ্যোগী মহিলা ৰূপজ্যোতি শইকীয়া গগৈ, কৃষক তৰুণ বৰা, দায়বদ্ধ কৰ্মচাৰী ৰাজকুমাৰ দাস, সত্ৰীয়া শিল্পী ৰূপা হাজৰিকা, শিক্ষক ড০ জয়ন্ত দাস, ড০ বিজয় শৰ্মা আৰু যতীন বৰদলৈ, সৰ্ব-ভাৰতীয় বন ক্ৰীড়াত ৰূপক পদ প্ৰাপ্ত অৰ্জুন ছেত্রী, শিশু শিল্পী ৰাজদ্বীপ দত্ত, আশাকর্মী ভােগেশ্বৰী বৰা, গাওঁৰক্ষী বাহিনীৰ নগেন দলে, সঞ্জীৱ প্ৰজা আৰু মিহিৰ দত্ত।

ইয়াৰ উপৰি গনৰাজ্য দিৱস উপলক্ষে বোকাখাতৰ মহকুমা প্রশাসনৰ দ্বাৰা চিকিৎসালয়ৰ ৰােগী, অনাথ আশ্রম, বিকলাঙ্গ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল বিতৰণ আৰু প্রীতি ক্রিকেট খেলৰো আয়োজন কৰা হয়।