NORTHEAST NOW (Assamese)
অসম

সমন্বয়ৰ অনুপম নিৰ্দশন: ইছলাম ধৰ্মাৱলম্বী লোকে সমাধিস্থ কৰিলে খ্ৰীষ্টান লোকৰ মৃতদেহ

Posted by: পার্শ্বজোতি গগৈ January 29, 2019 6:51 am
IMG-20190129-WA0001

দেশৰ চৌদিশে অসহিষ্ণুতাৰ পৰিবেশ বিৰাজ কৰি থকাৰ মাজতেই সোমবাৰে শিৱসাগৰত সমন্বয়ৰ এক অনুপম নিৰ্দশন দেখিবলৈ পোৱা গ’ল। এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ পাঁচ কিলোমিটাৰ দূৰত্ব কান্ধত কঢ়িয়াই ধৰ্মীয় ৰীতি নীতিৰে সমাধিস্থ কৰে ইছলাম ধৰ্মাৱলম্বী লোকে।

ইছলাম ধৰ্মাৱলম্বী লোকে সমাধিস্থ কৰা ব্যক্তিজনৰ নাম ভেনচন ভেংকট। পেচাত এজন ৰাজমিষ্ট্ৰি ভেনচন ভেংকটৰ ঘৰ আছিল গুৱাহাটীৰ দীঘলিপুখুৰীত। চাৰিটা দশকৰ পূৰ্বে তেওঁ শিৱসাগৰৰ শিৱ দ’ল, ৰংঘৰ, তলাতল ঘৰ আদিৰ মেৰামতিৰ কামৰ বাবে আহিছিল শিৱসাগৰলৈ।

পৰৱৰ্ত্তী সময়ত কাম শেষ হৈ যোৱাৰ পাছত গুৱাহাটীলৈ নগৈ স্থানীয় হাতীখোক অঞ্চলৰ মুস্তাফা হাজৰিকাৰ ঘৰত থাকি যায় আৰু মুস্তাফা হাজৰিকাৰ পুত্ৰ ৰফিকুল হাজৰিকাই স্ব-গৃহ ত্যাগ কৰি ৰংঘৰ চাৰিআলি স্থিত ঢুলীয়াপাৰত থাকিবলৈ লোৱাত ভেনচন ভেংকটেও ৰফিকুল হাজৰিকাৰ ঘৰত থাকিবলৈ লয়।

IMG-20190129-WA0000
শিৱসাগৰত ইছলাম ধৰ্মী লোকে অন্তিম সংস্কাৰৰ বাবে নিয়াৰ পূৰ্বে কফিনত ভৰাইছে খ্ৰীষ্টান ধৰ্মী লোকৰ মৃতদেহ। ফটো : নৰ্থইষ্ট নাও

ৰফিকুল হাজৰিকাই নিজৰ পিতৃ বুলি গণ্য কৰা ভেনচন ভেংকটৰ কিছুবছৰ পূৰ্বে আকস্মিক দূৰ্ঘটনাত এখন ভৰি ভাগি গৈছিল আৰু উন্নত চিকিৎসা কৰোৱাৰ পাছতো তেওঁ সুস্থ হৈ নুঠাত গুৱাহাটীৰ দীঘলিপুখুৰীৰ আত্মীয়ই ভেংকটক লৈ যাব বিচাৰিছিল যদিও তেওঁ যাবলৈ তিলমানো ইচ্ছা প্ৰকাশ নকৰিলে।

অৱশেষত তেওঁ দেওবাৰে নিশা ৰফিকুল হাজৰিকাৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। ভেনচন ভেংকটৰ ইচ্ছা আছিল মৃত্যুৰ পিছত তেওঁক যেন খ্ৰীষ্টান ৰীতি-নীতিৰে সমাধিস্থ কৰা হয়। তেওঁৰ সেই শেষ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহিল ৰফিকুল হাজৰিকাৰ পৰিয়াল।

ৰফিকুল হাজৰিকাৰ পৰিয়ালে শিৱসাগৰৰ খ্ৰীষ্টান মণ্ডলীৰ লগত যোগাযোগ কৰে আৰু খ্ৰীষ্টান মণ্ডলীৰ পৰামৰ্শ অনুসৰি তেওঁৰ নশ্বৰ দেহ গা ধোৱাই এটা কফিনত ভৰাই ৰংঘৰ চাৰিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ কান্ধত লৈ দৰবাৰ ৰোডৰ খ্ৰীষ্টান লোকৰ মৈডামণিলৈ অনা হয় আৰু সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মীয় পৰম্পৰা মতে তেওঁক সমাধিস্থ কৰে।

ৰফিকুল হাজৰিকাৰ তিনি পুত্ৰ, পত্নী, আন আত্মীয়ৰ লগতে ৰংঘৰ চাৰিআলি ঢুলিয়াপাৰৰ বহু ইছলাম ধৰ্মাৱলম্বী লোকে ভেনচন ভেংকটৰ শেষ যাত্ৰাত অংশ কৰে। স্থানীয় হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভেনচন ভেংকটৰ সমাধিৰ চৌপাশে জ্বলোৱা মমৰ পোহৰে আলোকিত কৰি তোলে খ্ৰীষ্টান মৈডামমণি।