NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম আৰু নথি শুধৰোৱাৰ সময় বৃদ্ধি কৰিলে কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ January 29, 2019 9:12 am
NRC-750x375

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে চলি থকা নাম, নথি অনলাইনযোগে শুধৰণিৰ সময়সীমা বৃদ্ধি কৰা হৈছে। জানিব পৰা মতে, এন আৰ চি কৰ্তৃপক্ষই যোৱা ২ জানুৱাৰিৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটো অহা ২৮ ফেব্ৰুৱাৰিলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যিসকল লোকে নাম বা নথি শুধৰণি কৰিব বিচাৰে তেওঁলোকে এতিয়া এন আৰ চি সেৱা কেন্দ্ৰসমূহত গৈ বা এন আৰ চিৰ ৱেবছাইটত গৈ অনলাইন যোগে আৱেদন কৰিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জাৰি কৰা জাননীখনত কোৱা হৈছে যে ৰাইজে এনআৰচিৰ ৱেবছাইট ‘’www.nrcassam.nic.in.’’ গৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

উল্লেখযোগ্য যে যোৱাটো বৰ্ষৰ ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত বহু লোকৰ নাম ভুলকৈ প্ৰকাশ পোৱাৰ লগতে নথিৰ বিসংগতিও ধৰা পৰিছিল। এন আৰ চি কৰ্তৃপক্ষই সেই ভুলবোৰ শুধৰোৱাৰ বাবে ২ জানুৱাৰিৰ পৰা ৩১ জানুৱাৰিলৈ সময় বান্ধি দিছিল।

আনহাতে, উচ্চতম ন্যায়লয়ে চূড়ান্ত এনআৰচি প্ৰকাশৰ বাবে চলিত বৰ্ষৰ ৩১ জুলাই অন্তিম সীমা নিৰ্দ্ধাৰণ কৰি দিছে। তদুপৰি, এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়লয়ে অহা ছেপ্টেম্বৰলৈকে সময় বিচাৰি জনোৱা আৱেদনখনো প্ৰত্যাখান কৰে।