NORTHEAST NOW (Assamese)
অসম

বাংলাদেশত আৱদ্ধ প্ৰায় ১০০ গৰাকী জম্মু-কাশ্মীৰৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2020 4:30 pm
Students

বাংলাদেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সকলো স্কুল-কলেজ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰত-বাংলাদেশ সীমান্তত আৱদ্ধ হৈ আছে ভাৰতৰ জম্মু-কাশ্মীৰৰ প্ৰায় ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী।

ক’ৰ’না ভাইৰাছৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ আৰু ছাত্ৰী নিৱাস সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ পাছতে ভাৰতীয় ছাত্ৰ সকল অসুবিধাৰ সন্মুখিন হৈছে।

আনহাতে, বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই ছাত্ৰ-ছাত্ৰী সকলক বাংলাদেশতে থাকিবলৈ অনুৰোধ জনাই তেওঁলোকে কৰ্তৃপক্ষৰ সৈতে কথা পাতি তেওঁলোকৰ বাবে ছাত্ৰাবাস আৰু ছাত্ৰী নিৱাস খোলা ৰখাৰ ব্যৱস্থা কৰিছে বুলি কয়।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে বালাংদেশতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে।

ভাৰতত বৰ্তমানলৈ ৫৮৭ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১ গৰাকী লোক এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।