NORTHEAST NOW (Assamese)
অসম

হতাশাৰ ২০২০; শতৰান বিহীন এটা ক্ৰিকেট বৰ্ষ পাৰ কৰিলে ৰান মেচিন বিৰাট কোহলীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 1:04 pm
Virat Kohli after making century

২০২০ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে এটা নিৰাশাজনক বছৰ।

আজি অষ্ট্ৰলিয়াৰ ভূমিত টেষ্ট ক্ৰিকেটত মাত্ৰ ৩৬ ৰানতে ইনিংছ সামৰি নতুন অভিলেখ গঢ়া ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে গঢ়িলে আন এটা অভিলেখ।

২০২০ চনত ভাৰতীয় দলৰ অধিনায়ক গৰাকীয়ে এটাও শতৰান অৰ্জন নকৰাকৈ সামৰণি পেলাবলগীয়া হ’ল।

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত চলি থকা দ্বিতীয়খন টেষ্টত দ্বিতীয় ইনিংছত মাত্ৰ ৪ ৰান কৰি আউট হোৱাৰ পাছতে কোহলীয়ে ২০২০ বৰ্ষটো শতৰান বিহীনভাৱে সামৰণি পেলায়।

অধিনায়ক কোহলীয়ে ৩৯২ দিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অন্তিমটো শতৰান অৰ্জন কৰিছিল।

শতৰানৰ অভাৱত ভোগা বিৰাট কোলীয়ে ৩০ টা ইনিংছ শতৰান বিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও ইমান দীঘলীয়া সময়ৰ বাবে শতৰান অৰ্জন নকৰাকৈ থকা নাছিল।