NORTHEAST NOW (Assamese)
অসম

বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2022 5:11 pm
বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী

বিমানৰ পিছত এইবাৰ বটলৰ পানী। টাটাই ভাৰতৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী ক্ৰয় কৰিছে। টাটাই বিছলেৰী ক্ৰয় কৰিছে। সূত্ৰসমূহৰ মতে, টাটা গ্ৰুপে দেশৰ সৰ্ববৃহৎ পেকেটযুক্ত পানীৰ কোম্পানী বিছলেৰী ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে। বিছলেৰীৰ গৰাকী ৰমেশ চৌহানে কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, ৰমেশ চৌহানে তেওঁৰ কোম্পানীটো টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডক ৬,০০০ৰ পৰা ৭,০০০ কোটি টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, ৰমেশ চৌহানৰ কন্যা জয়ন্তী ব্যৱসায়ত বৰ আগ্ৰহী নোহোৱাৰ বাবেই তেওঁ কোম্পানীটো বিক্ৰী কৰাৰ দৰে এটা ‘কষ্টকৰ’ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

লগতে পঢ়ক: অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

সূত্ৰ সমূহৰ মতে, যদি টাটাই বিছলেৰী অধিগ্ৰহণ কৰে তেতিয়াও বিছলেৰী মেনেজমেণ্ট তৎক্ষণাৎ অঁতৰাই দিয়া বা ভাঙি দিয়া নহয়। ইয়াৰ বিপৰীতে টাটাই বিছলেৰী ক্ৰয় কৰাৰ পাছতো চুক্তি অনুসৰি বিছলেৰীৰ বৰ্তমানৰ মেনেজমেণ্টে আৰু দুবছৰ কাম চলাই যাব। মন কৰিকৰিব লগীয়া যে টাটাৰ এতিয়া বজাৰত হিমালয় ৱাটাৰ আছে।

দৰাচলতে, টাটাই ইতিমধ্যে অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। চাৰিটা মিলাই এটা! টাটাৰ এয়াৰ ইণ্ডিয়া-ভিস্তাৰাকে ধৰি আৰু দুখন বিমানৰ বাবে ডাঙৰ পৰিকল্পনা আছে। সেই পৰিকল্পনাটো কি?

বাতৰি অনুসৰি, টাটাই এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াকে ধৰি ইয়াৰ চাৰিটা এয়াৰলাইন ব্ৰেণ্ড এয়াৰ ইণ্ডিয়া লিমিটেডৰ অধীনত একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াক একত্ৰিত কৰাৰ প্ৰক্ৰিয়াটো অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক:পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ

টাটা গ্ৰুপে এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মালিকানা অধিগ্ৰহণ কৰিছিল। এই বছৰৰ জানুৱাৰীত এয়াৰ ইণ্ডিয়াৰ ‘প্ৰত্যৱৰ্তন’ৰ পিছৰে পৰা, টাটা গ্ৰুপে লোকচানত থকা এয়াৰলাইনটো পুনৰুজ্জীৱিত কৰাৰ বাবে এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে। এয়াৰলাইনটোত পৰৱৰ্তী ১৫ মাহত পাঁচটা ৱাইড ব’ডি বোয়িং আৰু ২৫ খন এয়াৰবাছ নেৰ’-ব’ডি বিমান অন্তৰ্ভুক্ত কৰিব।