NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰৰ সৈতে দুগৰাকী মহিলাসহ ৩জন সৰবৰাহকাৰীক আটক

Posted by: এন ই নাও নিউজ January 30, 2019 7:13 am
city-police-drugs-750x430

২৯ জানুৱাৰিত এটা গোপন সূত্ৰৰ পম খেদি ভৰলুমুখ থানাৰ ক্ৰাইম ব্ৰান্সে আঠগাঁৱত কেইবালাখ টকাৰ ড্ৰাগছসহ দুগৰাকী মহিলা আৰু এজন পুৰুষক আটক কৰে। ডিমাপুৰৰ পৰা এই লোককেইজনে ব্ৰাউন ছুগাৰখিনি আনি থকাৰ কথা গোপন সূত্ৰৰ পৰা জানিব পাৰি আৰক্ষীয়ে অভিযান চলাইছিল।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৬.৫ লাখ টকা হ’ব। কেইবাটাও পেকেটত অনা হৈছিল ড্ৰাগছখিনি।

আটক কৰা মহিলা দুগৰাকী ক্ৰমে ৰবিনা বেগম আৰু ৰজিনা বেগম। আনহাতে পুৰুষজনৰ নাম আব্দুল খালেক। আৰক্ষীয়ে সন্দেহ কৰামতে, এওঁলোকে বহু দিনৰ পৰা এইদৰে মণিপুৰ, ডিমাপুৰৰ পৰা ড্ৰাগছ আনি মহানগৰীৰ বিভিন্ন ঠাইত যোগান ধৰি আহিছিল।

আন এটা সূত্ৰৰ মতে মণিপুৰ, ডিমাপুৰৰ পৰা দৈনিক কেইবা লাখ টকাৰ ড্ৰাগছ সৰবৰাহ হৈ আহিছে আৰু এইবোৰৰ বহুতো সম্ভ্ৰান্ত গ্ৰাহক আছে গুৱাহাটী মহানগৰীত।

ভৰলুমুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে। চক্ৰটোৰ আন কেইবাজনো জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।