NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্নামেণ্ট

Posted by: এন ই নাও নিউজ January 30, 2019 8:24 am
Boxing

গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতা। ভাৰতীয় বক্সিং ফেডাৰেশ্যনে এই সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে গুৱাহাটীক নিৰ্বাচিত কৰাত অসম বক্সিং সন্থাকে ধৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়া মহল।

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযগিতাখন বক্সিং ফেডাৰেশ্যনে প্ৰথমতে ৫ৰ পৰা ৯ ফেব্ৰুৱাৰিৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও শেষত ফেডাৰেশ্যনৰ কিছু অসুবিধাৰ বাবে প্ৰতিযোগিতাখন পিছুৱাই দিয়ে।

জানিব পৰা মতে এছিয়ান কনফেডাৰেশ্যন বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ যোৱাৰ পাছতেই গুৱাহাটীত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে নতুন দিন ধাৰ্য কৰিছে। এতিয়া প্ৰতিযোগিতাখন অহা ২০ মে’ৰ পৰা ২৪ মে’লৈ চলিব।

উল্লেখ্য যে গুৱাহাটীয়ে এই প্ৰতিযোগিতাখনৰ পূৰ্বে ২০১৭ত অতি সফলতাৰে আয়োজন কৰিছিল আইবা ওমেন’ছ য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ। য’ত ভাৰতে অভিলেখ সংখ্যক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইফালে প্ৰথম সংখ্যক ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাখন যোৱা বৰ্ষৰ জানুৱাৰিত অনুষ্ঠিত হৈছিল নতুন দিল্লীত। প্ৰতিযোগিতাখনত ভাৰতৰ বক্সাৰ সকলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই ৮টাকৈ সোণৰ পদক লাভ কৰিছিল।