NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দাবীক নস্যাৎ; অ’ এন জি চিৰ ৰূদ্ৰসাগৰ তৈলখাদ বন্ধ কৰাৰ ভাবুকি দিলে দল-সংগঠনে

Posted by: ৰাজীৱ দত্ত January 31, 2019 12:19 pm

অ’ এন জি চিয়ে ইয়াৰ ৰূদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত ভটীয়াপাৰস্থ ১৪৭নং তৈলখাদলৈ অহা-যোৱা কৰা পথটো বিধ্ৱস্ত অৱস্থাত পেলাই থৈ ইয়াৰ পৰিৱৰ্তে নতুনকৈ এটা উপপথ নিৰ্মাণ কৰিবলৈ লোৱাত স্থানীয় ৰাইজ তথা দল-সংগঠনে তীব্ৰ ক্ষুব্ধ হৈ পৰিছে।

স্থানীয় ৰাইজ তথা দল সংগঠনে পূৰ্বৰ পথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও অ’ এন জি ছি কতৃপক্ষই সেই দাবীক নস্যাৎ কৰি নতুন পথটো নিৰ্মাণৰ বাবে যাৱতীয় পদক্ষেপ লোৱাত তেওঁলোকে অনিদিষ্ট কাললৈকে ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত নিগমৰ সকলো কাম  কাজ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে তৈলখাদটো আহোম ৰাজত্ব কালত স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰোৱা দুৱৰণী আলিৰ কাষত অৱস্থিত। খাদটোৰ সমীপতে দিখৌ নদীৰ মথাউৰিত বিগত দহ বছৰতকৈ অধিক কাল খহনীয়া হৈ আহিছে। স্থানীয় ৰাইজৰ মতে গধুৰ যানবাহন চলাচল কৰাৰ ফলতে উক্ত অংশত ব্যাপক খহনীয়াৰ সৃষ্টি হৈ আহিছে।

এই সম্পৰ্কত স্থানীয় সমাজকৰ্মী ভোলা কাকতিয়ে জলসম্পদ বিভাগত কৰা এক আবেদনৰ ভিত্তিত অ এন জি চিৰ গধুৰ যানবাহন চলাচল কৰাৰ বাবে প্ৰত্যেক বছৰে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি অহা বুলি জলসম্পদ বিভাগে চিঠিৰ জৰিয়তে জানিব দিয়ে।

কিন্তু ইয়াৰ পিছতো শলগুৰি আৰু মেটেকা বনগাঁৱৰ দুটাকৈ মৌজাৰ শতাধিক ৰাইজৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা মথাউৰিটো আজিপয্যন্ত স্থায়ীভাৱে নিৰ্মাণ কৰা হোৱা নাই। অ’ এন জি ছি ৰ তৈলখাদটোৰ অন্তৰ্গত হোৱাৰ বাবে উক্ত পথটোৰ চোৱাচিতা অ এন জি ছি কতৃপক্ষই কৰিব লাগে।

কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে খাদটোলৈ অহা যোৱা কৰাৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দুৱৰণী আলি সংযোগী এক উপ-পথ নিৰ্মাণৰ বাবে সাধাৰণ কৃষক ৰাইজৰ কৃষিভুমি অধিগ্ৰহন কৰাত স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহ ক্ষোভিত হৈ পৰিছে।

উল্লেখযোগ্য যে অ’ এন জি ছিৰ এনে সিদ্ধান্ত বাতিলৰ বাবে যোৱা ডিচেম্বৰ মাহত ৰাইজে প্ৰতিষ্ঠানটোৰ উদ্ধতম কতৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও এইক্ষেত্ৰত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই।