NORTHEAST NOW (Assamese)
অসম

জি আই পি এছ চৌহদত স্থাপন হ’ল প্ৰথমখন জেনেৰিক ফাৰ্মাচি

Posted by: এন ই নাও নিউজ February 1, 2019 2:52 pm
GIPS-750x375

গুৱাহাটীৰ আজাৰাস্থিত প্ৰসিদ্ধ ফাৰ্মাচিয়ুটিকেল শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিয়ুটিকেল চায়েন্স (জি আই পি এছ)ত এটা প্ৰধান মন্ত্ৰী ভাৰতীয় জনৌষধি পৰিয়োজনা কেন্দ্ৰ স্থাপন কৰা হ’ল। ইয়াৰ লগে লগে পি চি আই অনুমোদিত প্ৰথমখন একাডেমিক ইনষ্টিটিউট হিচাপে পৰিগণিত হ’ল জি আই পি এছ।

এই উদ্যোগ গ্ৰহণ কৰা বাবে মনছুখ লাল মন্ডভিয়াই শিক্ষা প্ৰতিষ্ঠানখনক প্ৰশংসা কৰাৰ লগতে প্ৰশংসাসূচক এটি স্মাৰক চিহ্নও প্ৰদান কৰে।

অলপতে গুৱাহাটীৰ পামহিত অনুষ্ঠিত হৈ যোৱা প্ৰধান মন্ত্ৰী ভাৰতীয় জনৌষধি পৰিয়োজনা(পি এম বি জে পি কে)ৰ অধীনত ৰিজ’নেল ৱে’ৰহাউচ মুকলি অনুষ্ঠানতে প্ৰশংসাসূচক স্মাৰক চিহ্নটো প্ৰদান কৰা হয়।

অতি কম দামতে যাতে গুণগত মান সম্পন্ন ঔষধ ৰাইজৰ মাজত যোগান ধৰিব পৰা যায় সেই উদ্দেশ্যেই ডিপাৰ্টমেণ্ট অব ফাৰ্মাচিয়ুটিকেলে উক্ত অভিযান আৰম্ভ কৰিছে।

পি এম বি জে পি কে আঁচনিৰ অধীনত নিৰ্মিত আউটলেটসমূহে অতি কম দামতে জেনেৰিক ঔষধ বিক্ৰী কৰিব।

উল্লেখ্য যে ২০০৭ চনতে স্থাপন হোৱা জি আই পি এছ হ’ল অসমৰ প্ৰথমখন বেচৰকাৰী ফাৰ্মাচী শিক্ষানুষ্ঠান।